কোহলীৰ স্বপ্নভংগ, অধিনায়ক হিচাপে কেতিয়াও জিকিব নোৱাৰিব বিশ্বকাপ!

পৰৱৰ্তী বিশ্বকাপ অনুষ্ঠিত হ’ব ২০২৩ চনত। তেতিয়ালৈ ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে থাকিব নে ৰোহিত শৰ্মা বা আন কোনো ক্ৰিকেটাৰৰ হাতলৈ সেই দায়িত্ব যাব সেয়া লক্ষণীয় হ’ব।

news18assam
Updated:July 11, 2019, 4:29 PM IST
কোহলীৰ স্বপ্নভংগ, অধিনায়ক হিচাপে কেতিয়াও জিকিব নোৱাৰিব বিশ্বকাপ!
পৰৱৰ্তী বিশ্বকাপ অনুষ্ঠিত হ’ব ২০২৩ চনত। তেতিয়ালৈ ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে থাকিব নে ৰোহিত শৰ্মা বা আন কোনো ক্ৰিকেটাৰৰ হাতলৈ সেই দায়িত্ব যাব সেয়া লক্ষণীয় হ’ব।
news18assam
Updated: July 11, 2019, 4:29 PM IST
বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশৰ সময়ত ভাৰতীয় ক্ৰিকেট দলটো ১৫ পইণ্টেৰে তালিকাৰ শীৰ্ষত আছিল। ইফালে, নিউজীলেণ্ড দলটোৱে একেৰাহে তিনিখন মেচত পৰাস্ত হৈ কোনোমতে ছেমি ফাইনেলত প্ৰৱেশ কৰিছিল। এনে অৱস্থাত সম্পূৰ্ণ বিশ্বাস আছিল যে বিৰাট কোহলীৰ নেতৃত্বত টীম ইণ্ডিয়াই ফাইনেলত প্ৰৱেশ কৰাই নহয়, বিশ্বকাপো আঁজুৰি আনিব। কিন্তু সেয়া নহ’ল।

সকলো যাত্ৰাৰে এটা শেষ থাকে আৰু ২০১৯ৰ বিশ্বকাপতো পৰাজয়েৰে যাত্ৰা সমাপ্ত কৰিলে ভাৰতে। ইয়াৰ লগে লগে ভাৰতীয় অধিনায়ক বিৰাট কোহলীৰ বিশ্বকাপ জয়ৰ সপোন চাৰখাৰ হৈ গ’ল। কোহলীয়ে যদিও ২০১১ চনৰ বিশ্বকাপ হাতত তুলি লৈছিল, কিন্তু অধিনায়ক হিচাপে সেই অনুভৱ নিশ্চয়কৈ সুকীয়া হয়।

অধিনায়ক হিচাপে কোহলীৰ এয়া প্ৰথম বিশ্বকাপ। চলিত বিশ্বকাপৰ যাত্ৰা অন্ত পৰা পিছত এতিয়া কোহলীয়ে যে তেওঁ অধিনায়ক হৈ থকা কালত ভাৰতক বিশ্বকাপ উপহাৰ দিব পাৰিব সেই আশা খুবেই ক্ষীণ। ভাৰতীয় ক্ৰিকেটৰ ইতিহাস চালে এই অপ্ৰিয় সত্য দেখা যায়।



আচলতে, টীম ইণ্ডিয়াই যি দুখন এদিনীয়া আৰু এখন টি–২০ বিশ্বকাপ জিকিছে। সেয়া কোনো খেলুৱৈয়ে প্ৰথমবাৰ অধিনায়কৰ দায়িত্ব লোৱাৰ পিছত সম্ভৱ হৈছে। ১৯৮৩ চনত বিশ্বকাপ আছিল অধিনায়ক কপিল দেৱৰ প্ৰথমখন বিশ্বকাপ। ২০০৭ চনত টি–২০ বিশ্বকাপ জয়ৰ সময়ত মহেন্দ্ৰ সিং ধোনী প্ৰথমবাৰৰ বাবে দায়িত্ব লৈছিল অধিনায়ক হিচাপে। আনহাতে, ২০১১ চনৰ বিশ্বকাপো আছিল মহেন্দ্ৰ সিং ধোনীৰ প্ৰথমখন বিশ্বকাপ।



১৯৮৩ৰ ২৫ জুনত কপিল দেৱৰ নেতৃত্বত ভাৰতীয় দলে প্ৰথমবাৰৰ বাবে তুলি লৈছিল বিশ্বকাপ। ফাইনেলত ৪৩ ৰানত জয়লাভ কৰিছিল ভাৰতে। ক্ৰিকেটৰ মক্কা লৰ্ডছত চিকমিকাই থকা ট্ৰফী হাতত লৈ থকা কপিল দেৱৰ সেই ফটো কোন ক্ৰিকেটপ্ৰেমীয়ে পাহৰিব পাৰে।

আনহাতে, ২০০৭ চনত দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হৈছিল টি–২০ বিশ্বকাপ। যুৱ ক্ৰিকাটাৰেৰে সমৃদ্ধ ভাৰতীয় দলটোৰ অধিনায়কৰ দায়িত্ব দিয়া হৈছিল এম এছ ধোনীক। ধোনীৰ নেতৃত্বত ভাৰতীয় দলে এটাৰ পিছত এটাকৈ ইতিহাস ৰচি ফাইনেলত প্ৰৱেশ কৰিলে। ২০০৭ চনৰ ২৪ ছেপ্টেম্বৰত জোহান্সবাৰ্গত ফাইনেলত মুখামুখি হৈছিল চিৰবৈৰী পাকিস্তান। ৰোমাঞ্চকৰ খেলখনত ভাৰতে অন্তিম অভাৰত ৫ ৰানত বিজয় সাব্যস্ত কৰিছিল।



ইফালে, ২০১১ চনৰ বিশ্বকাপো আছিল এম এছ ধোনীৰ প্ৰথমখন বিশ্বকাপ। ছেমি ফাইনেলত পাকিস্তানক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল ভাৰতে। ২০১১ চনৰ ২ এপ্ৰিলত মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত শ্ৰীলংকাৰ বিৰুদ্ধে ফাইনেলত অৱতীৰ্ণ হৈছিল ভাৰত। ফাইনেলত মাহেলা জয়াবৰ্ধনেৰ শতৰানৰ সহায়ত ৬ উইকেটত শ্ৰীলংকাই সংগ্ৰহ কৰিছিল ২৭৪ ৰান। প্ৰত্যুত্তৰত ভাৰতে গৌতম গম্ভীৰৰ ৯৭ আৰু এম এছ ধোনীৰ ৯১ ৰানৰ সহায়ত ৪৯ অভাৰৰ দ্বিতীয়টো বলত চাৰিটা উইকেট হেৰুৱাই জয়লাভ কৰিছিল।

পৰৱৰ্তী বিশ্বকাপ অনুষ্ঠিত হ’ব ২০২৩ চনত। তেতিয়ালৈ ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে থাকিব নে ৰোহিত শৰ্মা বা আন কোনো ক্ৰিকেটাৰৰ হাতলৈ সেই দায়িত্ব যাব সেয়া লক্ষণীয় হ’ব।
আৰু চাওক পৰৱৰ্তী বাতৰি