বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বে বিৰাট কোহলীলৈ সন্মান, লৰ্ডছত কোহলীৰ মমৰ প্ৰতিমূৰ্তি

কোহলীয়ে নিজে আগবঢ়াইছে প্ৰতিমূৰ্তিত পিন্ধোৱা জোতা আৰু গ্ল’ভছ।

news18assam
Updated:May 30, 2019, 10:04 AM IST
বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বে বিৰাট কোহলীলৈ সন্মান, লৰ্ডছত কোহলীৰ মমৰ প্ৰতিমূৰ্তি
কোহলীয়ে নিজে আগবঢ়াইছে প্ৰতিমূৰ্তিত পিন্ধোৱা জোতা আৰু গ্ল’ভছ।
news18assam
Updated: May 30, 2019, 10:04 AM IST
বিশ্বজুৰি এতিয়া ক্ৰিকেটৰ জ্বৰ। বিশ্বকাপ ক্ৰিকেট আৰম্ভ হোৱাৰ পূৰ্বে বিৰাট কোহলীলৈ সন্মান জনাই লৰ্ডছত স্থাপন কৰা হ’ল ক্ৰিকেটাৰগৰাকীৰ মমৰ প্ৰতিমূৰ্তি। মমৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ বাবে বিখ্যাত মেডাম টুছাড লণ্ডনৰ মহাপ্ৰবন্ধক ষ্টিভ ডেভিছে কয় – অনাগত কেইটামান সপ্তাহলৈ অব্যাহত থাকিব ক্ৰিকেটৰ জ্বৰ। সেয়েহে বিৰাট কোহলীৰ প্ৰতিমূৰ্তি উদ্বোধন কৰাৰ বাবে ইয়াতকৈ ভাল সময় নাছিল।

বিৰাট কোহলীৰ এই প্ৰতিমূৰ্তি ভাৰতীয় দলৰ পোছাকতে নিৰ্মাণ কৰা হৈছে। কোহলীয়ে নিজে আগবঢ়াইছে প্ৰতিমূৰ্তিত পিন্ধোৱা জোতা আৰু গ্ল’ভছ। উল্লেখযোগ্য যে পূৰ্বেও মেডাম টুছাডে নিৰ্মাণ কৰিছিল উছেইন ব’ল্ট, ছাৰ মো ফৰাহ আৰু ভাৰতীয় ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰৰ মমৰ প্ৰতিমূৰ্তি।



উল্লেখযোগ্য যে ৫ জুনত বিশ্বকাপৰ প্ৰথমখন খেলত অৱতীৰ্ণ হ’ব ভাৰত। প্ৰথমখন খেলত দক্ষিণ আফ্ৰিকাৰ মুখামুখি হ’ব টীম ইণ্ডিয়া। ভাৰতীয় দলটোত আছে বিৰাট কোহলী (অধিনায়ক), ৰোহিত শৰ্মা (সহঃ অধিনায়ক), শিখৰ ধৱন, কে এল ৰাহুল, বিজয় শংকৰ, এম এছ ধোনী, কেদাৰ যাদৱ, দীনেশ কাৰ্তিক, য়ুজবেন্দ্ৰ চহল, কুলদীপ যাদৱ, ভুবনেশ্বৰ কুমাৰ, জছপ্ৰীত বুমৰাহ, হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা আৰু মহম্মদ ছামী।
আৰু চাওক পৰৱৰ্তী বাতৰি