বিৰাট কোহলীৰ নতুন অভিলেখ, এই অভিলেখ গঢ়া কোহলী প্ৰথম ভাৰতীয় অধিনায়ক

কোহলীয়ে দক্ষিণ আফ্ৰিকাৰ গ্ৰেম স্মিথ আৰু অষ্ট্ৰেলিয়াৰ এৰন ফিঞ্চৰ অভিলেখ স্পৰ্শ কৰে।

News18-Assam
Updated:June 27, 2019, 7:17 PM IST
বিৰাট কোহলীৰ নতুন অভিলেখ, এই অভিলেখ গঢ়া কোহলী প্ৰথম ভাৰতীয় অধিনায়ক
India's captain Virat Kohli bats during the Cricket World Cup match between India and West Indies at Old Trafford in Manchester, England, Thursday, June 27, 2019. (AP Photo/Aijaz Rahi)
News18-Assam
Updated: June 27, 2019, 7:17 PM IST
ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আজি বিশ্বকাপত অৰ্ধশতক অৰ্জন কৰে ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলীয়ে। এয়া ২০১৯ৰ বিশ্বকাপত কোহলীৰ ধাৰাবাহিক চতুৰ্থটো অৰ্ধশতক। অছেন থমাছৰ বলত এক ৰান সংগ্ৰহ কৰি নিজৰ ৫৩সংখ্যক অৰ্ধশতক সম্পূৰ্ণ কৰে কোহলীয়ে। বিশ্বকাপত ধাৰাবাহিকভাৱে চাৰিটা অৰ্ধশতক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় অধিনায়ক হিচাপে অভিলেখ গঢ়িলে বিৰাট কোহলীয়ে। লগতে বিশ্বকাপৰ ইতিহাসত ধাৰাবাহিকভাৱে চাৰিখন খেলত অৰ্ধশতাধিক ৰান সংগ্ৰহ কৰাৰ অভিলেখো স্পৰ্শ কৰে কোহলীয়ে।

কোহলীয়ে দক্ষিণ আফ্ৰিকাৰ গ্ৰেম স্মিথ আৰু অষ্ট্ৰেলিয়াৰ এৰন ফিঞ্চৰ অভিলেখ স্পৰ্শ কৰে। এই দুয়োগৰাকী ক্ৰিকেটাৰে ধাৰাবাহিকভাৱে চাৰিখন খেলত ৫০তকৈ অধিক ৰান সংগ্ৰহ কৰিছে। স্মিথে ২০০৭ চনৰ বিশ্বকাপত এই অভিলেখ গঢ়িছিল।

ইফালে, বিশ্বকাপত ধাৰাবাহিকভাৱে চাৰিখন খেলত ৫০তকৈ অধিক স্ক’ৰ কৰা কোহলী হ’ল তৃতীয়গৰাকী ভাৰতীয় বেটছমেন। ইয়াৰ পূৰ্বে নৱজ্যোত সিং সিদ্ধুৱে ১৯৮৭ত আৰু শচীন তেণ্ডুলকাৰে ১৯৯৬ আৰু ২০০৩ৰ বিশ্বকাপত এই কৃতিত্ব অৰ্জন কৰিছিল। আজি কোহলীয়ে আন্তৰ্জাতিক ক্ৰিকেটত ২০ হাজাৰ ৰান সম্পূৰ্ণ কৰাৰ অভিলেখো গঢ়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি