• Home
  • »
  • News
  • »
  • world
  • »
  • ছেমি ফাইনেলত চাৰি নম্বৰত বেটিং কৰিব বিচাৰিছিল কোহলীয়ে, কোনে দিলে বাধা?

ছেমি ফাইনেলত চাৰি নম্বৰত বেটিং কৰিব বিচাৰিছিল কোহলীয়ে, কোনে দিলে বাধা?

India's captain Virat Kohli leaves the field after being dismissed by New Zealand's Trent Boult during the Cricket World Cup semi-final match between India and New Zealand at Old Trafford in Manchester, England, Wednesday, July 10, 2019. (AP Photo/Aijaz Rahi)

India's captain Virat Kohli leaves the field after being dismissed by New Zealand's Trent Boult during the Cricket World Cup semi-final match between India and New Zealand at Old Trafford in Manchester, England, Wednesday, July 10, 2019. (AP Photo/Aijaz Rahi)

অধিনায়ক বিৰাট কোহলীয়ে দলৰ দুৰ্বলতা ভালদৰেই জানিছিল। সেইবাবে নিউজীলেণ্ডৰ বিৰুদ্ধে ছেমি ফাইনেলত তেওঁ চাৰি নম্বৰত বেটিং কৰিবলৈ বিচাৰিছিল।

  • Share this:
    নিউজীলেণ্ডৰ সৈতে পৰাস্ত হৈ বিশ্বকাপৰ পৰা বাহিৰ হ’বলগীয়া হ’ল টীম ইণ্ডিয়া। ছেমি ফাইনেলত ভাৰতীয় দলটোৰ বেটিং ব্যৰ্থতাক লৈ সৰ্বত্ৰে চলিছে চৰ্চা। চাৰি নম্বৰত উৎকৃষ্ট বেটছমেন নথকাটোৱে এই দুৰৱস্থাৰ কাৰণ বুলি ধাৰণা কৰা হৈছে। চাৰি নম্বৰৰ বেটছমেন শক্তিশালী নোহোৱাৰ বাবে বিপৰ্যয়ৰ সন্মুখীন হোৱা দলক চম্ভালিব পৰা নাছিল আৰু তাৰ পৰিণাম হিচাপে বিশ্বকাপৰ পৰা বাহিৰ হ’বলগীয়া হ’ল ভাৰত।

    অধিনায়ক বিৰাট কোহলীয়ে দলৰ দুৰ্বলতা ভালদৰেই জানিছিল। সেইবাবে নিউজীলেণ্ডৰ বিৰুদ্ধে ছেমি ফাইনেলত তেওঁ চাৰি নম্বৰত বেটিং কৰিবলৈ বিচাৰিছিল। কিন্তু টীম মেনেজমেণ্টে তেওঁৰ কথাত সহমত নহ’ল আৰু তেওঁ নিজৰ স্থানতে বেটিং কৰিবলৈ আহিবলগীয়া হৈছিল।

    টাইমছ অৱ ইণ্ডিয়াৰ খবৰ অনুসৰি, ৰোহিত শৰ্মা আৰু কে এল ৰাহুল যেতিয়া ৰিজাৰ্ভ ডে’ৰ দিনা ইনিংছ আৰম্ভ কৰিবলৈ আহিছিল তেতিয়া অধিনায়ক বিৰাট কোহলীয়ে ৩ নম্বৰত বেটিং কৰাৰ বাবে ড্ৰেছিং ৰুমত পেড পিন্ধি সাজু হৈ বহি আছিল। তেতিয়া তেওঁ প্ৰশিক্ষক ৰবি শাস্ত্ৰী, সহকাৰী প্ৰশিক্ষক সঞ্জয় বাংগাৰ আৰু এম এছ ধোনীৰ কাষলৈ গৈ আলোচনা কৰিছিল যে যদি তেওঁ চাৰি নম্বৰত বেটিং কৰিবলৈ আহে কেনেকুৱা হ’ব।

    বিৰাট কোহলীয়ে বিচাৰিছিল, পাণ্ডিয়া বা ঋষভ পন্ত কোনোবা এজনে প্ৰথমে গৈ কিছু সময় খেলি আহক। কিন্তু টীম মেনেজমেণ্টে সেয়া মানি লোৱা নাছিল। ৰোহিত শৰ্মা আউট হোৱাৰ পিছত কোহলীয়ে নিজৰ স্থানতে বেটিং কৰিবলৈ আহিছিল।
    First published: