ধোনীৰ নিৰ্দেশত ৰান সংগ্ৰহ হয় টীম ইণ্ডিয়াৰ, ৱেষ্ট ইণ্ডিজৰ সৈতে খেলৰ অন্তত ক’লে কোহলীয়ে

বিৰাট কোহলীয়ে আৰু কয় যে ধোনীৰ চিন্তা–চৰ্চা টীম ইণ্ডিয়াৰ বাবে প্ৰয়োজনীয়। তেওঁ জানে টেইল এণ্ডাৰ বেট্ছমেনৰ সৈতে কিদৰে বেটিং কৰিব লাগে।

News18-Assam
Updated:June 28, 2019, 10:46 AM IST
ধোনীৰ নিৰ্দেশত ৰান সংগ্ৰহ হয় টীম ইণ্ডিয়াৰ, ৱেষ্ট ইণ্ডিজৰ সৈতে খেলৰ অন্তত ক’লে কোহলীয়ে
বিৰাট কোহলীয়ে আৰু কয় যে ধোনীৰ চিন্তা–চৰ্চা টীম ইণ্ডিয়াৰ বাবে প্ৰয়োজনীয়। তেওঁ জানে টেইল এণ্ডাৰ বেট্ছমেনৰ সৈতে কিদৰে বেটিং কৰিব লাগে।
News18-Assam
Updated: June 28, 2019, 10:46 AM IST
আই চি চি ক্ৰিকেট বিশ্বকাপ ২০১৯ত ক্ৰমাগতভাৱে পঞ্চম খেলত জয়লাভ কৰে টীম ইণ্ডিয়াই। বৃহস্পতিবাৰে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে জয়লাভ কৰাৰ পিছত সমালোচকৰ মুখ বন্ধ কৰিলে কোহলীয়ে। ৱেষ্ট ইণ্ডিজক ১২৫ ৰানত পৰাস্ত কৰাৰ পিছত কোহলীয়ে প্ৰশংসাৰে ওপচালে এম এছ ধোনীক। কোহলীয়ে কয় – ধোনী এজন মহান খেলুৱৈ আৰু তেওঁৰ চিন্তাধাৰা দলৰ বাবে অতি প্ৰয়োজন। ধোনীয়ে জানে যে পিট্ছত কি কৰিব লাগে। যেতিয়া তেওঁৰ দিন বেয়া হয় তেতিয়া মানুহে তেওঁক সমালোচনা কৰিবলৈ লয়। আমি তেওঁৰ লগত আছো, তেওঁ বহু মেচত দলক জয়ী কৰাইছে।

বিৰাট কোহলীয়ে আৰু কয় যে ধোনীৰ চিন্তা–চৰ্চা টীম ইণ্ডিয়াৰ বাবে প্ৰয়োজনীয়। তেওঁ জানে টেইল এণ্ডাৰ বেট্ছমেনৰ সৈতে কিদৰে বেটিং কৰিব লাগে। ১০খনৰ ভিতৰত ৮খন মেচতে ধোনীৰ চিন্তাধাৰাই কাম দিয়ে।

কোহলীয়ে কয় যে এম এছ ধোনীয়ে আমাক কয় যে কোনখন পিট্ছত কিমান স্ক’ৰ সঠিক হ’ব। যদি তেওঁ কয় যে এই পিট্ছত ২৬৫ ৰান সঠিক হ’ব তেন্তে আমি ৩০০ ৰানৰ চেষ্টা নকৰো। এম এছ ধোনী আমাৰ কিংবদন্তি খেলুৱৈ আৰু তেওঁ এইদৰেই খেলি যাব বুলি আমি আশাবাদী।
আৰু চাওক পৰৱৰ্তী বাতৰি