ধোনী এজন মহান খেলুৱৈ, তেওঁৰ চিন্তাধাৰা দলৰ বাবে অতি প্ৰয়োজনীয় : কোহলী

বিৰাট কোহলীয়ে কয় যে ১০খনৰ ভিতৰত ৮খন মেচতে ধোনীৰ চিন্তাধাৰাই কাম দিয়ে।

News18-Assam
Updated:June 28, 2019, 11:04 AM IST
ধোনী এজন মহান খেলুৱৈ, তেওঁৰ চিন্তাধাৰা দলৰ বাবে অতি প্ৰয়োজনীয় : কোহলী
বিৰাট কোহলীয়ে কয় যে ১০খনৰ ভিতৰত ৮খন মেচতে ধোনীৰ চিন্তাধাৰাই কাম দিয়ে।
News18-Assam
Updated: June 28, 2019, 11:04 AM IST
ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে বৃহস্পতিবাৰে বৃহৎ বিজয় সাব্যস্ত কৰে টীম ইণ্ডিয়াই। ১২৫ ৰানৰ ব্যৱধানত ভাৰতৰ হাতত পৰাস্ত হয় ৱেষ্ট ইণ্ডিজ। খেলখনত ‘মেন অব দ্য মেচ’ সন্মান লাভ কৰে অধিনায়ক বিৰাট কোহলীয়ে। ৮২ বলত ৭২ ৰান সংগ্ৰহ কৰিছিল বিৰাট কোহলীয়ে। খেলৰ শেষত যেতিয়া ‘মেন অৱ ব্য মেচ’ বঁটা ল’বলৈ আহিছিল তেতিয়া সকলোৰে মন মুহিছিল কোহলীৰ মন্তব্যই। এম এছ ধোনীৰ বিষয়ে সোধা প্ৰশ্নৰ উত্তৰত কোহলীয়ে কয় – ধোনী এজন মহান খেলুৱৈ আৰু তেওঁৰ চিন্তাধাৰা দলৰ বাবে অতি প্ৰয়োজন। ধোনীয়ে জানে যে পিট্ছত কিৰ কৰিব লাগে। যেতিয়া তেওঁৰ দিন বেয়া হয় তেতিয়া মানুহে তেওঁক সমালোচনা কৰিবলৈ লয়। আমি তেওঁৰ লগত আছো, তেওঁ বহু মেচত দলক জয়ী কৰাইছে।

কোহলীয়ে কয় যে এম এছ ধোনীয়ে কোনখন পিট্ছত কি স্ক’ৰ ভাল হ’ব সেয়া দলক আগতীয়াকৈ কয়। যদি তেওঁ কয় যে এই পিট্ছত ২৬৫ ৰান সঠিক হ’ব তেন্তে আমি ৩০০ ৰানৰ চেষ্টাই নকৰো। এম এছ ধোনী আমাৰ কিংবদন্তি খেলুৱৈ আৰু তেওঁ এইদৰেই খেলি যাব।

বিৰাট কোহলীয়ে আৰু কয় যে ধোনীৰ চিন্তা–চৰ্চা টীম ইণ্ডিয়াৰ বাবে প্ৰয়োজনীয়। তেওঁ জানে টেইল এণ্ডাৰ বেট্ছমেনৰ সৈতে কিদৰে বেটিং কৰিব লাগে। ১০খনৰ ভিতৰত ৮খন মেচতে ধোনীৰ চিন্তাধাৰাই কাম দিয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি