উলংগ হৈ খেলপথাৰত প্ৰৱেশ যুৱকৰ, পিট্ছৰ ওপৰত নৃত্য, ৫ মিনিটৰ বাবে স্তব্ধ বিশ্বকাপৰ খেল

কিছু সময়লৈ লোকজনে খেলপথাৰত ইফালৰ পৰা সিফাললৈ দৌৰি ফুৰে। সুৰক্ষীকৰ্মীকো কিছু সময় ধৰি দৌৰাই ফুৰালে লোকজনে।

news18assam
Updated:July 4, 2019, 11:19 AM IST
উলংগ হৈ খেলপথাৰত প্ৰৱেশ যুৱকৰ, পিট্ছৰ ওপৰত নৃত্য, ৫ মিনিটৰ বাবে স্তব্ধ বিশ্বকাপৰ খেল
কিছু সময়লৈ লোকজনে খেলপথাৰত ইফালৰ পৰা সিফাললৈ দৌৰি ফুৰে। সুৰক্ষীকৰ্মীকো কিছু সময় ধৰি দৌৰাই ফুৰালে লোকজনে।
news18assam
Updated: July 4, 2019, 11:19 AM IST
চলিত বিশ্বকাপৰ ইংলেণ্ড আৰু নিউজীলেণ্ডৰ খেলৰ মাজত সংঘটিত হ’ল এক অঘটন। যাৰ বাবে ৫ মিনিটৰ বাবে স্তব্ধ হৈ পৰে খেলখন। চেষ্টাৰ লী ষ্ট্ৰীটৰ ৰিভাৰছাইড খেলপথাৰত অনুষ্ঠিত খেলখনৰ মাজতে উলংগ হৈ এজন লোকে প্ৰৱেশ কৰে খেলপথাৰত। খেলপথাৰত প্ৰৱেশ কৰাৰ পিছত লোকজনে পিট্ছৰ ওপৰত নৃত্য কৰিবলৈ ধৰে। নিউজীলেণ্ডৰ বেটিঙৰ ৩৪ সংখ্যক অভাৰত সংঘটিত হয় এই ঘটনা।

কিছু সময়লৈ লোকজনে খেলপথাৰত ইফালৰ পৰা সিফাললৈ দৌৰি ফুৰে। সুৰক্ষীকৰ্মীকো কিছু সময় ধৰি দৌৰাই ফুৰালে লোকজনে। সকলো খেলুৱৈয়ে চাই থাকিল লোকজনৰ কৰ্মকাণ্ড। শেষত নিৰাপত্তাৰক্ষীয়ে লোকজনক ধৰি কাপোৰ পিন্ধাই দিয়ে।


চলিত বিশ্বকাপত কোনো লোকে খেলপথাৰত প্ৰৱেশ কৰা এয়া প্ৰথমটো ঘটনা নহয়। কেইবাখনো মেচত সুবিধা পালেই দৰ্শক খেলপথাৰলৈ সোমাই অহাৰ দৰে ঘটনা ঘটিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি