• Home
  • »
  • News
  • »
  • world
  • »
  • শেষত ৫টা উইকেট বচোৱাৰ কি অৰ্থ আছিল – ধোনীৰ ওপৰত ক্ষোভ গাংগুলীৰ

শেষত ৫টা উইকেট বচোৱাৰ কি অৰ্থ আছিল – ধোনীৰ ওপৰত ক্ষোভ গাংগুলীৰ

খেলৰ কমেন্ট্রী কৰি থকা প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ সৌৰভ গাংগুলীয়ে টীম ইণ্ডিয়াৰ বেটিঙক লৈ উত্থাপন কৰিছিল প্ৰশ্ন।

খেলৰ কমেন্ট্রী কৰি থকা প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ সৌৰভ গাংগুলীয়ে টীম ইণ্ডিয়াৰ বেটিঙক লৈ উত্থাপন কৰিছিল প্ৰশ্ন।

খেলৰ কমেন্ট্রী কৰি থকা প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ সৌৰভ গাংগুলীয়ে টীম ইণ্ডিয়াৰ বেটিঙক লৈ উত্থাপন কৰিছিল প্ৰশ্ন।

  • Share this:
    দেওবাৰে ইংলেণ্ডৰ বিৰুদ্ধে ভাৰত পৰাস্ত হোৱাৰ পিছত প্ৰাক্তন ক্ৰিকেটাৰৰ লক্ষ্য হৈ পৰিছে মহেন্দ্ৰ সিং ধোনী। ভাৰতৰ সন্মুখত ৩৩৮ ৰানৰ লক্ষ্য আছিল, কিন্তু ৫ উইকেটৰ বিনিময়ত ৩০৬ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল। ধোনীয়ে ৩১টা বলত ৪২ আৰু কেদাৰ যাদৱে ১৩টা বলত ১২ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে। খেলৰ কমেন্ট্রী কৰি থকা প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ সৌৰভ গাংগুলীয়ে টীম ইণ্ডিয়াৰ বেটিঙক লৈ উত্থাপন কৰিছিল প্ৰশ্ন। ঋষভ পন্ত আৰু হাৰ্দিক পাণ্ডিয়া আউট হোৱাৰ পিছত ভাৰতক অন্তিম পাঁচ অভাৰত প্ৰয়োজন আছিল ৭১ ৰানৰ। সকলোৰে আশা আছিল মহেন্দ্ৰ সিং ধোনী আৰু কেদাৰ যাদৱৰ ওপৰত। কিন্তু দুয়োগৰাকীয়ে দলক ৩০৬ ৰানলৈহে আগুৱাই নিব পাৰিলে।

    গাংগুলীয়ে কয় – বাৰ্তা স্পষ্ট হোৱা উচিত আছিল। যিয়েই নহওক, বল য’তেই নপৰক সেই সময়ত ছয় বা চাৰি কোবাব লাগিছিল। মোৰ ইয়াৰ বাবে কোনো স্পষ্টীকৰণ নাই। মই এই এটা এটা ৰানৰ বিষয়ে ক’ব নোৱাৰো। শেষত ৫টা উইকেট বচাই ৩৩৮ ৰানৰ লক্ষ্য অতিক্ৰম কৰিব নোৱাৰে। ৫টা উইকেট বচোৱাৰ কি অৰ্থ আছিল?

    ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক নাছিৰ হুছেইনেও সমালোচনা কৰি কয় যে ভাৰতীয় দলৰ খেল চাই অনুৰাগীসকলো নিৰাশ হৈছিল। কমেন্ট্রীত হুছেইনে কৈছিল – মই আচৰিত হৈছো, এয়া কি হৈ আছে। ভাৰতে এয়া বিচৰা নাছিল। ইফালে সঞ্জয় মঞ্জৰেকাৰে কয় যে ভাৰতৰ বিজয় অভিযান স্তব্ধ কৰিব পৰা দল যদি আছে সেয়া ইংলেণ্ড। অন্তিম অভাৰত ধোনীৰ খেল আচৰিত হ’বলগীয়া আছিল।
    First published:

    শেহতীয়া বাতৰি