টীম ইণ্ডিয়াৰ বাবে মোক্ষম আঘাত! তিনি সপ্তাহৰ বাবে দলৰ পৰা আঁতৰিল শিখৰ ধৱন

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলত দুৰ্দান্ত শতৰান অৰ্জন কৰা অপেনাৰ শিখৰ ধৱনে আঙুলিত আঘাত পোৱাৰ ফলত তিনি সপ্তাহৰ বাবে খেলৰ পৰা বিৰত থাকিব লাগিব।

news18assam
Updated:June 11, 2019, 2:43 PM IST
টীম ইণ্ডিয়াৰ বাবে মোক্ষম আঘাত! তিনি সপ্তাহৰ বাবে দলৰ পৰা আঁতৰিল শিখৰ ধৱন
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলত দুৰ্দান্ত শতৰান অৰ্জন কৰা অপেনাৰ শিখৰ ধৱনে আঙুলিত আঘাত পোৱাৰ ফলত তিনি সপ্তাহৰ বাবে খেলৰ পৰা বিৰত থাকিব লাগিব।
news18assam
Updated: June 11, 2019, 2:43 PM IST
বিশ্বকাপত ভাৰতীয় দলৰ বাবে এক মোক্ষম আঘাত। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলত দুৰ্দান্ত শতৰান অৰ্জন কৰা অপেনাৰ শিখৰ ধৱনে আঙুলিত আঘাত পোৱাৰ ফলত তিনি সপ্তাহৰ বাবে খেলৰ পৰা বিৰত থাকিব লাগিব। বাওঁহাতৰ আঙুলিত আঘাত পাইছিল শিখৰ ধৱনে। এতিয়া টীম ইণ্ডিয়াৰ সন্মুখত ডাঙৰ প্ৰত্যাহ্বান যে কোনে পূৰণ কৰিব ধৱনৰ স্থান।

টীম ইণ্ডিয়াত বৰ্তমান ধৱনৰ স্থানত সুযোগ পাব পাৰে ঋষভ পন্তে। বৰ্তমান ৰিজাৰ্ভ খেলুৱৈ হিচাপে আছে পন্ত। অধিনায়ক কোহলীৰ বাবে পন্ত এইবাবে প্ৰথম পছন্দ হ’ব পাৰে, কাৰণ পন্ত আক্ৰমণাত্মক বেটিঙৰ বাবে পৰিচিত আৰু শেহতীয়া প্ৰদৰ্শনো উন্নত। ধৱনৰ বিকল্পক লৈ এতিয়া প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে অধিনায়ক বিৰাট কোহলী। দলত আছে কে এল ৰাহুল আৰু দীনেশ কাৰ্তিকৰ দলে বেটছমেন। কে এল ৰাহুলে বৰ্তমান চতুৰ্থ স্থানত বেটিং কৰি আছে। ইফালে, দীনেশ কাৰ্তিক ৰিজাৰ্ভ উইকেট কীপাৰ হিচাপে আছে দলত। এনে অৱস্থাত কাৰ্তিকেও দলত পাব পাৰে স্থান।
আৰু চাওক পৰৱৰ্তী বাতৰি