নিউজীলেণ্ডৰ বিৰুদ্ধে পাকিস্তানৰ জয়ৰ পিছত ছানিয়াৰ টুইট, কি উত্তৰ দিলে অনুৰাগীয়ে?

ভাৰতৰ বিৰুদ্ধে পৰাজিত হোৱাৰ পিছতে অনুৰাগীৰ ক্ষোভৰ সন্মুখীন হৈছিল পাকিস্তান দলটো। অৱশ্যে পিছলৈ পাকিস্তান দলে ঘূৰাই পাইছিল ছন্দ।

news18assam
Updated:June 27, 2019, 2:03 PM IST
নিউজীলেণ্ডৰ বিৰুদ্ধে পাকিস্তানৰ জয়ৰ পিছত ছানিয়াৰ টুইট, কি উত্তৰ দিলে অনুৰাগীয়ে?
ভাৰতৰ বিৰুদ্ধে পৰাজিত হোৱাৰ পিছতে অনুৰাগীৰ ক্ষোভৰ সন্মুখীন হৈছিল পাকিস্তান দলটো। অৱশ্যে পিছলৈ পাকিস্তান দলে ঘূৰাই পাইছিল ছন্দ।
news18assam
Updated: June 27, 2019, 2:03 PM IST
চলিত বিশ্বকাপত বুধবাৰে নিউজীলেণ্ডক পৰাস্ত কৰে পাকিস্তান দলে। নিউজীলেণ্ডৰ বিৰুদ্ধে ৬ উইকেটত জয়লাভ কৰে পাকিস্তানে। এই জয়েৰে পাকিস্তানে ছেমি ফাইনেলত প্ৰৱেশৰ আশা সজীৱ কৰিলে। এই খেলৰ পিছতে টেনিছ তাৰকা তথা পাকিস্তানী ক্ৰিকেটাৰ ছোৱেইব মালিকৰ পত্নী ছানিয়া মিৰ্জাই টুইটাৰযোগে অভিনন্দন জনায় পাকিস্তান দলক। ছানিয়াৰ টুইটৰ পিছতে বহু ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে ট্ৰ’ল কৰিছে ছোৱেইব মালিকক।

আচলতে, ভাৰতৰ বিৰুদ্ধে পৰাজিত হোৱাৰ পিছতে অনুৰাগীৰ ক্ষোভৰ সন্মুখীন হৈছিল পাকিস্তান দলটো। অৱশ্যে পিছলৈ পাকিস্তান দলে ঘূৰাই পাইছিল ছন্দ। দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰাৰ পিছত বুধবাৰে নিউজীলেণ্ডক ৬ উইকেটত পৰাজিত কৰে পাকিস্তানে। নিউজীলেণ্ডৰ বিৰুদ্ধে জয়ৰ পিছতে ছানিয়াই টুইটাৰযোগে কৈছিল – খেল কিমান অবিশ্বাস্য হ’ব পাৰে, পাকিস্তানী দললৈ অভিনন্দন।’

ছানিয়াৰ এই টুইটৰ প্ৰত্যুত্তৰত বহু লোকে ছোৱেইব মালিকক ট্ৰ’ল কৰিবলৈ লয়। একাংশই কয় যে ছোৱেইব মালিক দলত নথকাৰ বাবেই পাকিস্তান জয়ী হৈছে। উল্লেখযোগ্য যে নিউজীলেণ্ডৰ বিৰুদ্ধে খেলত ছোৱেইব মালিক প্লেয়িং ইলেভেনত নাছিল।









আৰু চাওক পৰৱৰ্তী বাতৰি