নিজৰ ছিক্সাৰত আহত অনুৰাগীক নিজৰ স্বাক্ষৰ থকা টুপী উপহাৰ ৰোহিত শৰ্মাৰ

বলৰ আঘাত সামান্যভাৱে আহত হৈছিল দৰ্শকগৰাকী।

news18assam
Updated:July 4, 2019, 1:32 PM IST
নিজৰ ছিক্সাৰত আহত অনুৰাগীক নিজৰ স্বাক্ষৰ থকা টুপী উপহাৰ ৰোহিত শৰ্মাৰ
বলৰ আঘাত সামান্যভাৱে আহত হৈছিল দৰ্শকগৰাকী।
news18assam
Updated: July 4, 2019, 1:32 PM IST
মঙলবাৰে বাৰ্মিংহামত অনুষ্ঠিত হৈছিল ভাৰত আৰু বাংলাদেশৰ খেল। খেলখনত নায়ক আছিল হিটমেন ৰোহিত শৰ্মা। ৯২ বলত ৰোহিত শৰ্মাই কৰিছিল ১০৪ ৰান। বিশ্বকাপত চতুৰ্থটো শতৰান কৰিছিল ৰোহিত শৰ্মাই।

২৮ ৰানত বাংলাদেশক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছিল টীম ইণ্ডিয়াই। এজবাষ্টন মুঠ ৫টা ছয় কোবাইছিল ৰোহিত শৰ্মাই। তাৰে এটা ছিক্সাৰ গৈ পৰিছিল গেলেৰীত বহি থকা এগৰাকী দৰ্শকৰ গাত। বলৰ আঘাত সামান্যভাৱে আহত হৈছিল দৰ্শকগৰাকী। খেলৰ অন্তত সেই অনুৰাগীগৰাকীক সাক্ষাৎ কৰি ৰোহিত শৰ্মাই উপহাৰ দিলে নিজৰ স্বাক্ষৰ থকা এটা টুপী। এই উপহাৰ পাই স্বাভাৱিকতেই উৎফুল্লিত হৈ পৰে মীনা নামৰ সমৰ্থকগৰাকী। সেই ফটোখন টুইট কৰিছে BCCI–এ।

আৰু চাওক পৰৱৰ্তী বাতৰি