• Home
  • »
  • News
  • »
  • world
  • »
  • ৰোহিত শৰ্মাৰ আউটক লৈ বিতৰ্ক, কমেণ্টেটৰ্ছে উত্থাপন কৰিলে প্ৰশ্ন, আচৰিত হ’ল পত্নী ৰিতিকা

ৰোহিত শৰ্মাৰ আউটক লৈ বিতৰ্ক, কমেণ্টেটৰ্ছে উত্থাপন কৰিলে প্ৰশ্ন, আচৰিত হ’ল পত্নী ৰিতিকা

আউট হোৱাৰ পূৰ্বে ৰোহিতে ২৩ বলত এটা চাৰি আৰু এটা ছয়ৰ সহায়ত সংগ্ৰহ কৰে ১৮ ৰান।

আউট হোৱাৰ পূৰ্বে ৰোহিতে ২৩ বলত এটা চাৰি আৰু এটা ছয়ৰ সহায়ত সংগ্ৰহ কৰে ১৮ ৰান।

আউট হোৱাৰ পূৰ্বে ৰোহিতে ২৩ বলত এটা চাৰি আৰু এটা ছয়ৰ সহায়ত সংগ্ৰহ কৰে ১৮ ৰান।

  • Share this:
    ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে চলি থকা খেলত ভাৰতৰ বিস্ফোৰক বেটছমেন ৰোহিত শৰ্মাৰ আউটক লৈ উত্থাপিত হৈছে প্ৰশ্ন। ষষ্ঠ অভাৰত কেমাৰ ৰোচৰ বলত আউট হয় ৰোহিত শৰ্মা। ডি আৰ এছ লোৱাৰ পিছত থাৰ্ড আম্পায়াৰে দিয়ে ৰোহিতৰ আউটৰ সিদ্ধান্ত। ইয়াৰ পূৰ্বে খেলপথাৰত আম্পায়াৰে কেচ আউটৰ আপিল নাকচ কৰিছিল। থাৰ্ড আম্পায়াৰৰ সিদ্ধান্তক লৈ অসন্তুষ্ট দেখা গ’ল ৰোহিত শৰ্মাকো। কিন্তু কোনো বিৰোধিতা নকৰাকৈয়ে পেভিলিয়নলৈ উভতি আহে ৰোহিত।

    ইফালে, ষ্টেডিয়ামত বহি থকা ৰোহিতৰ পত্নী ৰিতিকাও এই সিদ্ধান্তত আচৰিত হৈ পৰে। ৰিতিকাৰ মুখৰ প্ৰতিক্ৰিয়ালৈ লক্ষ্য কৰিলে জনা যায় এই সিদ্ধান্ত তেওঁৰ সঠিক নালাগিল। আউট হোৱাৰ পূৰ্বে ৰোহিতে ২৩ বলত এটা চাৰি আৰু এটা ছয়ৰ সহায়ত সংগ্ৰহ কৰে ১৮ ৰান।



    আচলতে ষষ্ঠ অভাৰৰ অন্তিমটো বল ৰোহিত শৰ্মাৰ বেট আৰু পেডৰ মাজেৰে পাৰ হৈ গৈছিল। ৱেষ্ট ইণ্ডিজৰ খেলুৱৈৰ আপিল নাকচ কৰিছিল আম্পায়াৰে। তাৰ পিছতে ৱেষ্ট ইণ্ডিজৰ অধিনায়ক জেছন হ’ল্ডাৰে ৰিভিউ লয়। ডি আৰ এছত দেখা গৈছিল বল বেট আৰু পেডৰ মাজেৰে গৈছিল। কিন্তু বেটত স্পৰ্শ কৰিছেনে নাই সেয়া স্পষ্ট নাছিল। এনেকুৱা অনুমান হৈছিল যেন বল বেটত নহয়, পেডত স্পৰ্শ কৰি গৈছিল। কিন্তু থাৰ্ড আম্পায়াৰ মাইকেল গফে ৱেষ্ট ইণ্ডিজৰ পক্ষত সিদ্ধান্ত দিয়ে। এই সিদ্ধান্তত ৰোহিত শৰ্মা আচৰিত হয় যদিও পিছত হাঁহিমুখে খেলপথাৰ ত্যাগ কৰে।



    ইফালে, গেলেৰীত থকা ৰোহিত শৰ্মাৰ পত্নী ৰিতিকাকো অসন্তুষ্ট দেখা গ’ল। কমেন্ট্রী বক্সত উপস্থিত থকাসকলেও আম্পায়াৰৰ সিদ্ধান্তৰ পক্ষত থকা দেখা নগ’ল। হিন্দী কমেন্ট্রী কৰি থকা আকাশ চোপৰা, দীপ দাসগুপ্তা আৰু হৰভজন সিঙে কয় যে ডি আৰ এছত বেনিফিট অব ডাউট যেন লাগিছিল। এনেস্থলত সিদ্ধান্ত বেটছমেনৰ পক্ষলৈ যায়। কমেণ্টেটৰ্ছে কয় যে আম্পায়াৰে সিদ্ধান্ত দিয়াত খুব খৰখেদা কৰিছে।
    First published: