একেখন বিশ্বকাপত চাৰিটা শতৰান কৰি অভিলেখ ৰোহিত শৰ্মাৰ

ইংলেণ্ডৰ মাটিত ক্ৰমাগতভাৱে তৃতীয়টো শতৰান অৰ্জন কৰা ৰোহিত শৰ্মা হ’ল প্ৰথমগৰাকী ক্ৰিকেটাৰ।

News18-Assam
Updated:July 2, 2019, 5:36 PM IST
একেখন বিশ্বকাপত চাৰিটা শতৰান কৰি অভিলেখ ৰোহিত শৰ্মাৰ
ইংলেণ্ডৰ মাটিত ক্ৰমাগতভাৱে তৃতীয়টো শতৰান অৰ্জন কৰা ৰোহিত শৰ্মা হ’ল প্ৰথমগৰাকী ক্ৰিকেটাৰ।
News18-Assam
Updated: July 2, 2019, 5:36 PM IST
বিশ্বকাপত চাৰিটা শতৰানেৰে অভিলেখ গঢ়িলে টীম ইণ্ডিয়াৰ বিস্ফোৰক বেটছমেন ৰোহিত শৰ্মাই। বাংলাদেশৰ বিৰুদ্ধে শতৰান অৰ্জনৰ পিছতে একেখন বিশ্বকাপত চাৰিটা শতৰান অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় ক্ৰিকেটাৰ হিচাপে পৰিচিত হ’ল ৰোহিত শৰ্মা। এই কৃতিত্বৰে ৰোহিত শৰ্মাই ভংগ কৰে ভাৰতীয় দলৰ প্ৰাক্তন ক্ৰিকেটাৰ সৌৰভ গাংগুলীৰ অভিলেখ। গাংগুলীয়ে ২০০৩ চনৰ বিশ্বকাপত অৰ্জন কৰিছিল তনিটা শতৰান। আজিৰ খেলখনত বাংলাদেশৰ বিৰুদ্ধে ৰোহিত শৰ্মাই সংগ্ৰহ কৰে ১০৪ ৰান। ৯০ বলতে ৰোহিত শৰ্মাই টীম ইণ্ডিয়াক উপহাৰ দিলে এই দৰ্শনীয় ইনিংছ। ইয়াৰ লগতে ইংলেণ্ডৰ মাটিত ক্ৰমাগতভাৱে তৃতীয়টো শতৰান অৰ্জন কৰা ৰোহিত শৰ্মা হ’ল প্ৰথমগৰাকী ক্ৰিকেটাৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি