শিখৰ ধৱন আঘাতপ্ৰাপ্ত, ধৱনৰ স্থানত কোনে সুযোগ পাব বিশ্বকাপত?

দেওবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলি থকা অৱস্থাত বেগী বলাৰ নাথান কুল্টাৰ নাইলৰ বলত আঘাত পাইছিল অপেনাৰ শিখৰ ধৱনে।

news18assam
Updated:June 11, 2019, 2:22 PM IST
শিখৰ ধৱন আঘাতপ্ৰাপ্ত, ধৱনৰ স্থানত কোনে সুযোগ পাব বিশ্বকাপত?
দেওবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলি থকা অৱস্থাত বেগী বলাৰ নাথান কুল্টাৰ নাইলৰ বলত আঘাত পাইছিল অপেনাৰ শিখৰ ধৱনে।
news18assam
Updated: June 11, 2019, 2:22 PM IST
আঘাতৰ বাবে বিশ্বকাপৰ পৰা শিখৰ ধৱন বাহিৰ হোৱাৰ খবৰৰ পিছতে তেওঁৰ স্থানত কাক সুযোগ দিয়া হ’ব তাকে লৈ চৰ্চা তুংগত উঠিছে। একাংশৰ মতে ধৱনৰ স্থানত ঋষভ পন্ত বিশ্বকাপত অন্তৰ্ভুক্ত হ’ব পাৰে। আনহাতে, একাংশৰ মতে বিজয় শংকৰ, দীনেশ কাৰ্তিক আৰু শ্ৰেয়ষ আয়াৰকো দিয়া হ’ব পাৰে সুযোগ।

দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াক পৰাস্ত কৰি আই চি চি বিশ্বকাপ ২০১৯ত অভিযান আৰম্ভ কৰা টীম ইণ্ডিয়াই নিউজীলেণ্ডৰ বিৰুদ্ধে হ’বলগীয়া মেচৰ পূৰ্বেই শিখৰ ধৱনৰ স্থান পূৰাব লাগিব।

আঘাতৰ পিছতো খেলি আছিল ধৱনে

দেওবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলি থকা অৱস্থাত বেগী বলাৰ নাথান কুল্টাৰ নাইলৰ বলত আঘাত পাইছিল অপেনাৰ শিখৰ ধৱনে। প্ৰচণ্ড বিষ অনুভৱ কৰাৰ পিছতো খেলি আছিল ধৱনে। ১০৯টা বলত ধৱনে সংগ্ৰহ কৰিছিল ১১৭ ৰান।

ঋষভ পন্তে পাব পাৰে সুযোগ
টীম ইণ্ডিয়াৰ প্লেয়িং ইলেভেনত ধৱনৰ স্থানত সুযোগ পাব পাৰে ঋষভ পন্তে। তেঁৱেই দলৰ বাবে চতুৰ্থ স্থানত বেটিং কৰাৰ সম্ভাৱনা আছে। ঋষভৰ উপৰি টীম ইণ্ডিয়াত বিকল্প হিচাপে আছে বিজয় শংকৰ, দীনেশ কাৰ্তিক আরু শ্ৰেয়ষ।
আৰু চাওক পৰৱৰ্তী বাতৰি