ধোনীক ৭ নম্বৰত বেটিং দিয়া হ’ল কিয়? প্ৰথমবাৰৰ বাবে মুখ খুলিলে ৰবি শাস্ত্ৰীয়ে

নিউজীলেণ্ডৰ বিৰুদ্ধে ছেমি ফাইনেলত টীম ইণ্ডিয়াই ২৪ ৰানত হেৰুৱাইছিল চাৰিটা উইকেট। সকলোৱে ভাবিছিল ইয়াৰ পিছতে এম এছ ধোনী বেটিং কৰিবলৈ আহিব। কিন্তু হাৰ্দিক পাণ্ডিয়া বেটিং কৰিবলৈ অহাৰ আচৰিত হৈছিল সকলো।

news18assam
Updated:July 12, 2019, 12:33 PM IST
ধোনীক ৭ নম্বৰত বেটিং দিয়া হ’ল কিয়? প্ৰথমবাৰৰ বাবে মুখ খুলিলে ৰবি শাস্ত্ৰীয়ে
CREATOR: gd-jpeg v1.0 (using IJG JPEG v80), quality = 85
news18assam
Updated: July 12, 2019, 12:33 PM IST
নিউজীলেণ্ডৰ বিৰুদ্ধে ছেমি ফাইনেলত ধোনীক সাত নম্বৰত বেটিং কৰিবলৈ পঠিওৱাক লৈ ক্ষোভ উজাৰিছে সমগ্ৰ দেশে। অনুৰাগীৰ পৰা প্ৰাক্তন ক্ৰিকেটাৰলৈ, সকলোৱে টীম মেনেজমেণ্টৰ এই সিদ্ধান্তক লৈ ক্ষোভ প্ৰকাশ কৰিছে। ছেমি ফাইনেলত পৰাজয়ৰ পিছত প্ৰথমবাৰৰ বাবে ধোনীৰ বেটিং অৰ্ডাৰক লৈ মুখ খুলিলে প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে। শাস্ত্ৰীয়ে কয় যে যদি ধোনী প্ৰথমে আউট হয় তেন্তে দলে প্ৰত্যাহ্বান জনাব নোৱাৰিলেহেঁতেন।

ইংৰাজী খবৰ কাকত ইণ্ডিয়ান এক্সপ্ৰেছৰ সৈতে বাৰ্তালাপত শাস্ত্ৰীয়ে কয় যে ধোনীক সাত নম্বৰত বেটিং কৰিবলৈ পঠোৱাৰ সিদ্ধান্ত আছিল দলৰ। আৰু এয়া এক সহজ সিদ্ধান্ত আছিল। যদি ধোনীয়ে প্ৰথমে বেটিং কৰিবলৈ আহে আৰু সোনকালে আউট হৈ যায়, তেন্তে সকলো প্ৰচেষ্টা অথলে গ’লহেঁতেন। ধোনী বিশ্বৰ আটাইতকৈ ভাল ফিনিছাৰ আৰু আমি যদি তেওঁক এইদৰে ব্যৱহাৰ নকৰো তেন্তে অন্যায় হ’ব। দলৰ সকলোৱে বিচাৰিছিল যে তেওঁ পিছত বেটিং কৰক।

উল্লেখযোগ্য যে নিউজীলেণ্ডৰ বিৰুদ্ধে ছেমি ফাইনেলত টীম ইণ্ডিয়াই ২৪ ৰানত হেৰুৱাইছিল চাৰিটা উইকেট। সকলোৱে ভাবিছিল ইয়াৰ পিছতে এম এছ ধোনী বেটিং কৰিবলৈ আহিব। কিন্তু ধোনীৰ সলনি হাৰ্দিক পাণ্ডিয়া বেটিং কৰিবলৈ অহাৰ আচৰিত হৈছিল সকলো। ছেমি ফাইনেলত নিউজীলেণ্ডৰ হাতত পৰাস্ত হৈ বিশ্বকাপৰ পৰা বাহিৰ হ’বলগীয়া হয় টীম ইণ্ডিয়া।
আৰু চাওক পৰৱৰ্তী বাতৰি