ক্ৰিকেট বিশ্বকাপ : আজি বাংলাদেশৰ সৈতে যুঁজিব আশাহত পাকিস্তানে!

২০১৫ৰ বিশ্বকাপৰ পিছত দুয়োটা দলৰ মাজত হোৱা চাৰিখন খেলৰ আটাইকেইখনতে জয়ী হৈছে বাংলাদেশ।

News18-Assam
Updated:July 5, 2019, 9:27 AM IST
ক্ৰিকেট বিশ্বকাপ : আজি বাংলাদেশৰ সৈতে যুঁজিব আশাহত পাকিস্তানে!
২০১৫ৰ বিশ্বকাপৰ পিছত দুয়োটা দলৰ মাজত হোৱা চাৰিখন খেলৰ আটাইকেইখনতে জয়ী হৈছে বাংলাদেশ।
News18-Assam
Updated: July 5, 2019, 9:27 AM IST
আই চি চি ক্ৰিকেট বিশ্বকাপত পাকিস্তানৰ ছেমি ফাইনেলত প্ৰৱেশৰ আশা প্ৰায় নিৰ্বাপিত হৈছে। আজি ছৰফৰাজ আহমেদৰ দলে নিজৰ অন্তিমখন খেলত যুঁজিব বাংলাদেশৰ সৈতে। পাকিস্তান দলে অন্তিমখন খেলত বিজয় সাব্যস্ত কৰিবলৈ চেষ্টা চলাব, কিন্তু এয়া যেন অসম্ভৱ। বাংলাদেশ দলে বিশ্বকাপত অব্যাহত ৰাখিছে উন্নত প্ৰদৰ্শন। বিশেষকৈ দলটোৰ বেটছমেনসকলে দেখুৱাইছে পৰাক্ৰম। ২০১৫ৰ বিশ্বকাপৰ পিছত দুয়োটা দলৰ মাজত হোৱা চাৰিখন খেলৰ আটাইকেইখনতে জয়ী হৈছে বাংলাদেশ। এনে অৱস্থাত বাংলাদেশৰ বিৰুদ্ধে পৰাজয়ৰ আশংকাই অধিক পাকিস্তানৰ।

পাকিস্তানৰ বাবে ডাঙৰ বিপদ হ’ব বাংলাদেশৰ অলৰাউণ্ডাৰ ছাকিব অল হাছান, যিয়ে বিশ্বকাপত বলিং আৰু বেটিং উভয়তে শক্তিৰ প্ৰমাণ দিছে। চলিত বিশ্বকাপত ছাকিবে বৰ্তমানলৈ সংগ্ৰহ কৰিছে ৫৪২ ৰান, য’ত আছে দুটা শতক আৰু চাৰিটা অৰ্ধশতক। ছাকিবৰ উপৰি মুছফিকুৰ ৰহিমে সংগ্ৰহ কৰিছে ৩৫১ ৰান, যিগৰাকী পাকিস্তানৰ বলাৰৰ বাবে অতি বিপজ্জনক। আনহাতে, এই বিশ্বকাপত ১৫টা উইকেট দখল কৰিছে মুস্তিফিজুৰ ৰহমানে। পাকিস্তানৰ বেটছমেনৰ বাবে বিপদ মাতিব পাৰে এইগৰাকী খেলুৱৈয়ে।

পাকিস্তান দলৰ কথা ক’বলৈ হ’লে বেটছমেন বাবৰ আজমে চলিত বিশ্বকাপত সংগ্ৰহ কৰিছে ৩৭৮ ৰান। বলাৰ মহম্মদ আমিৰে চলিত বিশ্বকাপত ১৬টা উইকেট দখল কৰাৰ বিপৰীতে ছাহিন শ্বাহ আফৰিদী আৰু ৱাহাব ৰিয়াজে ১০টাকৈ উইকেট পাইছে। পাকিস্তানৰ পেছ আক্ৰমণ বাংলাদেশৰ বাবে হ’ব পাৰে বিপদ।

শুকুৰবাৰে লৰ্ডছত বৰষুণৰ সম্ভাৱনা নাই। এনে অৱস্থাত খেলপথাৰ বেগী বলাৰৰ বাবে সহায়ক হ’ব। কিন্তু টছ জিকা দলে প্ৰথমে বেটিং কৰা উচিত বুলি ধাৰণা কৰা হৈছে।
আৰু চাওক পৰৱৰ্তী বাতৰি