অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলত ধোনীয়ে নিপিন্ধে ‘বলিদান’ গ্ল’ভছ

ইয়াৰ বিপৰীতে উইকেট কিপিঙৰ সময়ত অন্য গ্ল’ভছ পিন্ধিব ধোনীয়ে।

news18assam
Updated:June 9, 2019, 3:16 PM IST
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলত ধোনীয়ে নিপিন্ধে ‘বলিদান’ গ্ল’ভছ
ইয়াৰ বিপৰীতে উইকেট কিপিঙৰ সময়ত অন্য গ্ল’ভছ পিন্ধিব ধোনীয়ে।
news18assam
Updated: June 9, 2019, 3:16 PM IST
ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলি থকা আজিৰ খেলত ‘বলিদান’ গ্ল’ভছ পৰিধান নকৰে মহেন্দ্ৰ সিং ধোনীয়ে। আই চি চিৰ আপত্তিৰ পিছতে এই সিদ্ধান্ত লৈছে ধোনীয়ে। ইয়াৰ বিপৰীতে উইকেট কিপিঙৰ সময়ত অন্য গ্ল’ভছ পিন্ধিব ধোনীয়ে। উল্লেখযোগ্য যে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমখন মেচত ধোনীয়ে পিন্ধিছিল ভাৰতীয় সেনাৰ স্পেচিয়েল ফ’ৰ্চৰ ‘বলিদান’ বেজযুক্ত গ্ল’ভছ। তাৰ পিছতে সৃষ্টি হৈছিল তীব্ৰ বিতৰ্কৰ। আই চি চিয়ে ধোনীৰ গ্ল’ভছৰ পৰা উক্ত প্ৰতীকচিহ্ন আঁতৰোৱাৰ বাবে অনুৰোধ জনাইছিল বিচিচিআইক।

আই চি চিৰ নিয়ম অনুসৰি, ICCৰ ইভেণ্টত কোনো ব্যক্তিগত বাৰ্তা বা ল’গ’ কোনো সামগ্ৰী বা কাপোৰত দেখুওৱাৰ অনুমতি প্ৰদান নকৰে। লগতে এই ল’গ’ৱে উইকেট কীপাৰৰ গ্ল’ভছৰ ক্ষেত্ৰত থকা নিয়ম ভংগ কৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি