বিশ্বকাপৰ পিছতে অৱসৰ ল’ব মহেন্দ্ৰ সিং ধোনীয়ে!

চলিত বিশ্বকাপত ভাৰতৰ অন্তিম মেচ যিখনেই হ’ব, সেইখনেই সম্ভৱতঃ মহেন্দ্ৰ সিং ধোনীৰো হ’ব অন্তিমখন মেচ।

news18assam
Updated:July 3, 2019, 4:33 PM IST
বিশ্বকাপৰ পিছতে অৱসৰ ল’ব মহেন্দ্ৰ সিং ধোনীয়ে!
চলিত বিশ্বকাপত ভাৰতৰ অন্তিম মেচ যিখনেই হ’ব, সেইখনেই সম্ভৱতঃ মহেন্দ্ৰ সিং ধোনীৰো হ’ব অন্তিমখন মেচ।
news18assam
Updated: July 3, 2019, 4:33 PM IST
২০১৯ৰ বিশ্বকাপত ভাৰতৰ অন্তিম মেচ কোনখন হ’ব সেয়া এতিয়াও স্পষ্ট নহয়। টীম ইণ্ডিয়াই ফাইনেল খেলাটো প্ৰতিজন ভাৰতীয়ই আশা কৰিছে। কিন্তু চলিত বিশ্বকাপত ভাৰতৰ অন্তিম মেচ যিখনেই হ’ব, সেইখনেই সম্ভৱতঃ মহেন্দ্ৰ সিং ধোনীৰো হ’ব অন্তিমখন মেচ। হয়তো ইয়াৰ পিছত অনুৰাগীয়ে নীলা জাৰ্ছীত দেখা নাপাব ধোনীক। বিচিচিআইৰ এগৰাকী বিষয়াই প্ৰকাশ কৰিছে এই তথ্য।

যদি ভাৰতীয় দল বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰে তেন্তে ধোনীৰ অন্তিম মেচো হ’ব পাৰে ১৪ জুলাইত। অৱশ্যে এগৰাকী মহান খেলুৱৈৰ বাবে ইয়াতকৈ ভাল বিদায় আৰু কি হ’ব পাৰে। বিচিচিআইৰ বিষয়াগৰাকীয়ে কয় যে আপোনালোকে মহেন্দ্ৰ সিং ধোনীৰ বিষয়ে একো ক’ব নোৱাৰে। কিন্তু বিশ্বকাপৰ পিছত তেওঁ যে খেল অব্যাহত ৰাখিব তাৰ আশা খুবেই ক্ষীণ। ধোনীয়ে অধিনায়কৰ পদ এৰাৰ সিদ্ধান্তও হঠাৎ লৈছিল, এনে অৱস্থাত কোনো অনুমান লগোৱাটো কঠিন।

আচলতে, বৰ্তমানৰ বাছনি সমিতিৰ কাৰ্যকাল অক্টোবৰ মাহত হ’বলগীয়া এ জি এমলৈ বাহাল থকাৰ সম্ভাৱনা আছে। ইয়াৰ পিছত আগন্তুক বৰ্ষত অষ্ট্ৰেলিয়াত হ’বলগীয়া টি–২০ বিশ্বকাপৰ বাবে দলৰ পুনৰগঠনৰ প্ৰস্তুতি আৰম্ভ হ’ব। এনে অৱস্থাত নতুন বাছনি সমিতিৰ সন্মুখত টি–২০ বিশ্বকাপৰ বাবে অধিক সময় নাথাকিব।

চলিত বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে টীম ইণ্ডিয়াই। এই সংবেদনশীল বিষয়টোক লৈ মুকলিকৈ একো প্ৰকাশ কৰা নাই বিচিচিআই আৰু টীম মেনেজমেণ্টে। ধোনীয়ে চলিত বিশ্বকাপত ৭খন মেচত ২২৩ ৰান কৰিছে। নিজৰ লেহেমীয়া বেটিঙক লৈ সমালোচনাৰ সন্মুখীনো হৈছে ধোনী। শচীন তেণ্ডুলকাৰ আৰু সৌৰভ গাংগুলীয়েও ধোনীৰ প্ৰদৰ্শনক লৈ প্ৰশ্ন উত্থাপন কৰিছে। এনে অৱস্থাত টীম মেনেজমেণ্টেও হয়তো এই বিশ্বকাপৰ পিছত ধোনীক দলত ৰখাৰ ‘ৰিস্ক’ ল’ব নল’ব।
আৰু চাওক পৰৱৰ্তী বাতৰি