IndVsWI: বিধ্বংসী বলেৰে মহম্মদ ছামীৰ কেইবাটাও অভিলেখ

ৱেষ্ট ইণ্ডিজৰ পূৰ্বে মহম্মদ ছামীয়ে আফগানিস্তানৰ বিৰদ্ধেও দখল কৰিছিল চাৰিটা উইকেট। এই মেচখনত ছামীয়ে হেটট্ৰিকসহ চাৰিটা উইকেট লাভ কৰিছিল।

News18-Assam
Updated:June 28, 2019, 8:30 AM IST
IndVsWI: বিধ্বংসী বলেৰে মহম্মদ ছামীৰ কেইবাটাও অভিলেখ
ৱেষ্ট ইণ্ডিজৰ পূৰ্বে মহম্মদ ছামীয়ে আফগানিস্তানৰ বিৰদ্ধেও দখল কৰিছিল চাৰিটা উইকেট। এই মেচখনত ছামীয়ে হেটট্ৰিকসহ চাৰিটা উইকেট লাভ কৰিছিল।
News18-Assam
Updated: June 28, 2019, 8:30 AM IST
ভাৰতৰ বেগী বলাৰ মহম্মদ ছামীয়ে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে চাৰিটা উইকেট দখল কৰি দলৰ সহজ জয় সম্ভৱ কৰি তোলে। ছামীয়ে ৬.২ অভাৰত ১৬ ৰান দি শ্বাই হোপ, ক্ৰিছ গেইল, ছিমৰন হেটমায়াৰ আৰু ওছেন থমাছৰ উইকেট দখল কৰে। ভাৰতে খেলখনত ১২৫ ৰানত জয়ী হয়। ভাৰতে প্ৰথমে বেটিং কৰি ৭ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে ২৬৭ ৰান। প্ৰত্যুত্তৰত ৱেষ্ট ইণ্ডিজে ৩৪.২ অভাৰত মাত্ৰ ১৩৪ ৰানহে কৰিবলৈ সক্ষম হয়।

এই খেলখনত চাৰিটা উইকেট দখল কৰি মহম্মদ ছামীয়ে গঢ়িলে অভিলেখ। ছামীয়ে বিশ্বকাপত তিনিবাৰ চাৰিটাকৈ উইকেট দখল কৰা প্ৰথম ভাৰতীয় বলাৰ। লগতে উমেশ যাদৱৰ পিছত ছামী দ্বিতীয়গৰাকী ভাৰতীয় বলাৰ যিয়ে ধাৰাবাহিকভাৱে দ্বিতীয়খন বিশ্বকাপৰ মেচত চাৰিটা উইকেট দখল কৰিছে।

ৱেষ্ট ইণ্ডিজৰ পূৰ্বে মহম্মদ ছামীয়ে আফগানিস্তানৰ বিৰদ্ধেও দখল কৰিছিল চাৰিটা উইকেট। এই মেচখনত ছামীয়ে হেটট্ৰিকসহ চাৰিটা উইকেট লাভ কৰিছিল। বিশ্বকাপত হেটট্ৰিক কৰা ছামী হ’ল দ্বিতীয়গৰাকী ভাৰতীয় বলাৰ। ইয়াৰ পূৰ্বে ১৯৮৭ৰ বিশ্বকাপত এই কৃতিত্ব অৰ্জন কৰিছিল চেতন শৰ্মাই। বিশ্বকাপত আটাইতকৈ দ্ৰুততাৰে ২৫টা উইকেট দখল কৰাৰ অভিলেখো গঢ়িলে ছামীয়ে। কেৱল ৯খন মেচত ছামীয়ে দখল কৰে ২৫টা উইকেট।
আৰু চাওক পৰৱৰ্তী বাতৰি