টীম ইণ্ডিয়াৰ চাৰি নম্বৰৰ সমস্যা দূৰ কৰিব মায়ংক আগৰৱালে!

ঘৰুৱা ক্ৰিকেটত সুন্দৰ প্ৰদৰ্শন কৰিছে মায়ংক আগৰৱালে। কৰ্ণাটকৰ হৈ খেলা মায়ংকে ইণ্ডিয়া ‘এ’ দলত ধাৰাবাহিকভাৱে সুন্দৰ বেটিং কৰিছে।

news18assam
Updated:July 1, 2019, 3:37 PM IST
টীম ইণ্ডিয়াৰ চাৰি নম্বৰৰ সমস্যা দূৰ কৰিব মায়ংক আগৰৱালে!
ঘৰুৱা ক্ৰিকেটত সুন্দৰ প্ৰদৰ্শন কৰিছে মায়ংক আগৰৱালে। কৰ্ণাটকৰ হৈ খেলা মায়ংকে ইণ্ডিয়া ‘এ’ দলত ধাৰাবাহিকভাৱে সুন্দৰ বেটিং কৰিছে।
news18assam
Updated: July 1, 2019, 3:37 PM IST
আঘাতৰ সমস্যাৰ বাবে বিজয় শংকৰ চলিত বিশ্বকাপৰ পৰা বাহিৰ হ’বলগীয়া হৈছে। এতিয়া বিজয় শংকৰৰ স্থানত মায়ংক আগৰৱালক স্থান দিয়াৰ সম্ভাৱনা আছে প্লেয়িং ইলেভেনত। মায়ংক আগৰৱালে ২০১৮ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বক্সিং ডে’ টেষ্টত অভিষেক ঘটাইছিল। এই খেলখনত মায়ংকে ৭৬ ৰানৰ দৰ্শনীয় ইনিংছ খেলিছিল।

ঘৰুৱা ক্ৰিকেটত সুন্দৰ প্ৰদৰ্শন কৰিছে মায়ংক আগৰৱালে। কৰ্ণাটকৰ হৈ খেলা মায়ংকে ইণ্ডিয়া ‘এ’ দলত ধাৰাবাহিকভাৱে সুন্দৰ বেটিং কৰিছে। IPLত মায়ংকে দিল্লী ডেয়াৰডেভিল্ছ, ৰাইজিং পুনে ছুপাৰজইণ্ট, ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হৈ খেলিছে। মায়ংকৰ নামত লিষ্ট ‘এ’ৰ মেচত আছে ৩৬০৫ ৰান। মায়ংকৰ ষ্ট্ৰাইক ৰেট হৈছে ১০০.৭২।

এতিয়ালৈকে বিশ্বকাপৰ মেচত অধিনায়ক কোহলী আৰু টীম মেনেজমেণ্টে চাৰি নম্বৰৰ সমস্যা সমাধান কৰিব পৰা নাই। ক্ৰিকেট বিশেষজ্ঞৰ মতে মায়ংক অপেনাৰ বেটছমেন, এনে অৱস্থাত তেওঁক অপেনিংৰ বাবে পঠিয়াই কে এল ৰাহুলক চাৰি নম্বৰত বেটিং কৰিবলৈ পঠিওৱাৰ সম্ভাৱনা আছে।
আৰু চাওক পৰৱৰ্তী বাতৰি