বিজয় শংকৰৰ আঘাত টীম ইণ্ডিয়াৰ বাবে হ’ব নেকি ‘বৰদান’!

বিশ্বকাপত আশা কৰা ধৰণে প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰিলে বিজয় শংকৰে। এনে অৱস্থাত প্ৰশ্ন উঠিছে যে তেওঁৰ আঘাত টীম ইণ্ডিয়াৰ বাবে ক্ষতি হ’ব নে বৰদানৰ দৰে হ’ব।

News18-Assam
Updated:July 1, 2019, 5:16 PM IST
বিজয় শংকৰৰ আঘাত টীম ইণ্ডিয়াৰ বাবে হ’ব নেকি ‘বৰদান’!
বিশ্বকাপত আশা কৰা ধৰণে প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰিলে বিজয় শংকৰে। এনে অৱস্থাত প্ৰশ্ন উঠিছে যে তেওঁৰ আঘাত টীম ইণ্ডিয়াৰ বাবে ক্ষতি হ’ব নে বৰদানৰ দৰে হ’ব।
News18-Assam
Updated: July 1, 2019, 5:16 PM IST
চলিত বিশ্বকাপত ভাৰত ছেমি ফাইনেলৰ দুৱাৰদলিত উপস্থিত হোৱাৰ সময়তে আঘাতপ্ৰাপ্ত হৈছে বিজয় শংকৰ। লীগত ভাৰতৰ আৰু দুখন খেল বাকী। ভাৰত ইতিমধ্যে খেলিছে ৭খন মেচ। এখনত পৰাজয় আৰু এখন অমীংসিত হোৱাৰ বাদে বাকীকেইখন খেলত জয়লাভ কৰিছে ভাৰতে। কিন্তু বিশ্বকাপত আশা কৰা ধৰণে প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰিলে বিজয় শংকৰে। এনে অৱস্থাত প্ৰশ্ন উঠিছে যে তেওঁৰ আঘাত টীম ইণ্ডিয়াৰ বাবে ক্ষতি হ’ব নে বৰদানৰ দৰে হ’ব। কোনো খেলুৱৈক লৈ এইদৰে কোৱা উচিত নহয়, কিন্তু তেওঁৰ নিজৰ বাবেই চলিছে এনেধৰণৰ কথা।

প্ৰথম কাৰণ চাৰি নম্বৰৰ প্ৰদৰ্শন। বিজয় শংকৰে এতিয়ালৈ চাৰি নম্বৰত ভাল প্ৰদৰ্শন কৰিব পৰা নাই, যিটো তেওঁৰ পৰা আশা কৰা হৈছিল। তেওঁ তিনিখন মেচত ৫৮ ৰান কৰিছে, ইয়াৰ ভিতৰত উন্নত প্ৰদৰ্শন হ’ল ২৯। কিন্তু গড় ৰান ভাল হোৱাৰ কাৰণ হ’ল এখন মেচত তেওঁ নট–আউট আছিল। বিজয় শংকৰৰ ষ্ট্ৰাইক ৰেট ৭৭.৩৩।

যিসকল লোকে মহেন্দ্ৰ সিং ধোনীৰ লেহেমীয়া বেটিঙক লৈ সন্তুষ্ট নহয়, তেওঁলোকে জনা উচিত যে ধোনীৰ ষ্ট্ৰাইক ৰেট ৯১তকৈও অধিক। চাৰি নম্বৰৰ বেটছমেনে যদি ৮০তকৈ তলত ষ্ট্ৰাইক ৰেটেৰে ৰান সংগ্ৰহ কৰে, তেতিয়া সমস্যাৰ সৃষ্টি হয়।

বিজয় শংকৰক দললৈ অনাৰ সময়ত তেওঁক 3D খেলুৱৈ কোৱা হৈছিল। অম্বাতি ৰাইডুৰ ঠাইত দলত অন্তৰ্ভুক্ত হৈছিল বিজয় শংকৰ। যি তিনিখন মেচত তেওঁ খেলিছে, তাৰ ভিতৰত মুঠ ৫.২ অভাৰ বলিং কৰিছে। অৰ্থাৎ তেওঁৰ বলিং দলৰ বাবে অত্যন্ত প্ৰয়োজন নহয়। সম্ভৱতঃ ইয়াৰ বাবেই বিচিচিআয়ে মায়ংক আগৰৱালক দলত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লৈছে।
আৰু চাওক পৰৱৰ্তী বাতৰি