IND vs NZ : মানচেষ্টাৰৰ খেলপথাৰ সহজ নহ’ব টীম ইণ্ডিয়াৰ বাবে!

বিশ্বকাপত ভাৰতৰ বিৰুদ্ধে ৭খন মেচৰ চাৰিখনত জয়লাভ কৰিছে নিউজীলেণ্ড।

news18assam
Updated:July 8, 2019, 6:12 PM IST
IND vs NZ : মানচেষ্টাৰৰ খেলপথাৰ সহজ নহ’ব টীম ইণ্ডিয়াৰ বাবে!
বিশ্বকাপত ভাৰতৰ বিৰুদ্ধে ৭খন মেচৰ চাৰিখনত জয়লাভ কৰিছে নিউজীলেণ্ড।
news18assam
Updated: July 8, 2019, 6:12 PM IST
মঙলবাৰে নিউজীলেণ্ডৰ বিৰুদ্ধে চলিত বিশ্বকাপৰ ছেমি ফাইনেলত মুখামুখি হ’ব ভাৰতীয় ক্ৰিকেট দল। মানচেষ্টাৰৰ অ’ল্ড ট্ৰেফৰ্ড ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই খেলখন। লীগ পৰ্যায়ত ভাৰত প্ৰথম স্থানত আৰু নিউজীলেণ্ড আছে চতুৰ্থ স্থানত। মেনচেষ্টাৰত চলিত বিশ্বকাপৰ দুখন খেল খেলিছে ভাৰতে। ৱেষ্ট ইণ্ডিজ আৰু পাকিস্তানৰ বিৰুদ্ধে জয়লাভ কৰিছে টীম ইণ্ডিয়াই। ইফালে, নিউজীলেণ্ডেও এই খেলপথাৰত পৰাস্ত কৰিছে ৱেষ্ট ইণ্ডিজক।

ৱানডে’ ইতিহাসত ভাৰতে নিউজীলেণ্ডতকৈ অধিক মেচ জিকিছে, কিন্তু বিশ্বকাপত পিছত পৰি আছে ভাৰত। বিশ্বকাপত ভাৰতৰ বিৰুদ্ধে ৭খন মেচৰ চাৰিখনত জয়লাভ কৰিছে নিউজীলেণ্ড। এইবাৰো টীম ইণ্ডিয়াই নিউজীলেণ্ডক সহজভাৱে লোৱাটো ভুল হ’ব।

চলিত বিশ্বকাপত এতিয়ালৈ বেগী বলাৰৰ দপদপনি অব্যাহত আছে। টুৰ্ণামেণ্টত স্পীনাৰে লাভ কৰিছে মাত্ৰ ১২৯টা উইকেট। মানচেষ্টাৰৰ অ’ল্ড ট্ৰেফৰ্ড খেলপথাৰতো একেই অৱস্থা। চেম্পিয়নছ ট্ৰফী ২০১৭ৰ পিছত বেগী বলাৰে এই খেলপথাৰত হোৱা ৭খন মেচত গড়ে ২৬.৮৪কৈ ৮২টা উইকেট লাভ কৰিছে। অৰ্থাৎ প্ৰতি ২৮ বলৰ মূৰত এটাকৈ উইকেট লাভ কৰিছে বেগী বলাৰে। ইফালে, স্পীনাৰে গড়ে ৬৯কৈ লাভ কৰিছে ২১টা উইকেট। এনে অৱস্থাত নিউজীলেণ্ডৰ বেগী বলাৰৰ আক্ৰমণত ভাৰত বিপদত পৰিব পাৰে। এই বিশ্বকাপত সৰ্বাধিক উইকেট লোৱা বলাৰৰ তালিকাৰ তৃতীয় স্থানত আছে নিউজীলেণ্ডৰ লৌকী ফাগুৰছন। এইপৰ্যন্ত তেওঁ লাভ কৰিছে ১৭টা উইকেট।
আৰু চাওক পৰৱৰ্তী বাতৰি