ঋষভ পন্তৰ ভুলে বিপদত পেলাব নেকি টীম ইণ্ডিয়াক!

বাংলাদেশৰ বিৰুদ্ধে খেলত বাউণ্ডেৰি চম্ভালিব পৰা নাছিল পন্তে।

news18assam
Updated:July 4, 2019, 12:02 PM IST
ঋষভ পন্তৰ ভুলে বিপদত পেলাব নেকি টীম ইণ্ডিয়াক!
বাংলাদেশৰ বিৰুদ্ধে খেলত বাউণ্ডেৰি চম্ভালিব পৰা নাছিল পন্তে।
news18assam
Updated: July 4, 2019, 12:02 PM IST
আই চি চি ক্ৰিকেট বিশ্বকাপ ২০১৯ত ঋষভ পন্তে এইপৰ্যন্ত দুখন খেলত দেখুৱাইছে সন্তোষজনক প্ৰদৰ্শন। চাৰি নম্বৰত খেলা ঋষভে দুটা ইনিংছত সংগ্ৰহ কৰিছে ৮০ ৰান। ইংলেণ্ডৰ বিৰুদ্ধে ৩২ ৰান কৰাৰ বিপৰীতে বাংলাদেশৰ বিৰুদ্ধে সংগ্ৰহ কৰে ৪৮ ৰান। ঋষভ পন্তৰ বেটিঙে টীম ইণ্ডিয়াক শক্তিশালী কৰিছে যদিও চিন্তাতো পেলাইছে। আচলতে পন্তৰ ফিল্ডিং টীম ইণ্ডিয়াৰ বাবে হৈ পৰিছে চিন্তাৰ কাৰণ।

বেটিঙত পৰাক্ৰম দেখুওৱা পন্তক ফিল্ডিঙৰ ক্ষেত্ৰত দুৰ্বল দেখা গৈছে। সেইবাবেই অধিনায়ক কোহলী আৰু মহেন্দ্ৰ সিং ধোনীয়ে পন্তক এনেকুৱা স্থানত ফিল্ডিং কৰিবলৈ দিছে, যিফালে বল কমকৈ যায়। বাংলাদেশৰ বিৰুদ্ধে খেলা মেচৰ পিছত টীম ইণ্ডিয়াৰ ফিল্ডিং প্ৰশিক্ষক আৰ শ্ৰীধৰে কয় যে পন্তৰ সৈতে বহু কাম কৰা প্ৰয়োজন। প্ৰথমে তেওঁৰ থ্ৰ’ কৰাৰ ধৰণ সলনি কৰিব লাগিব আৰু লগতে এইধৰণৰ মানসিকতা আনিব লাগিব যে তেওঁ খেলপথাৰত ফিল্ডিং কৰি আছে। এই সময়ত আমি আমাৰ কৌশলসমূহ সঠিকভাৱে প্ৰয়োগ কৰিব লাগিব। সেয়েহে কোহলী আৰু ধোনীয়ে পন্তক সঠিক সময়ত সঠিক স্থানত লগোৱাৰ বাবে চিন্তা কৰে যাতে তেওঁৰ পৰা সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন লাভ কৰা যায়।

বাংলাদেশৰ বিৰুদ্ধে খেলত পন্তক বাৰে বাৰে বাউণ্ডেৰি লাইনৰ পৰা চাৰ্কললৈ ওভতাই অনা হৈছিল। বাউণ্ডেৰি চম্ভালিব পৰা নাছিল পন্তে। বুমৰাহৰ বলত এটা কেচ ধৰিব পৰা নাছিল পন্তে, যাক লৈ ক্ষুব্ধ হৈছিল কোহলী। দীনেশ কাৰ্তিকৰ দৰে খেলুৱৈ থকাত পন্তৰ কাম অধিক কঠোৰ হৈ পৰিছে কিয়নো কাৰ্তিক উইকেট কীপাৰৰ লগতে এজন সুন্দৰ ফিল্ডাৰ।

শ্ৰীধৰে কয় যে উইকেট কীপাৰ হোৱাৰ উপৰি কাৰ্তিক ভাল ফিল্ডাৰ। ঋষভ পন্তে ফিল্ডিঙত শুধৰণি কৰি আছে। তেওঁ খেলপথাৰত তিষ্টি থাকিবলৈ অধিক কষ্টৰ প্ৰয়োজন হ’ব।
আৰু চাওক পৰৱৰ্তী বাতৰি