৫ম অভাৰতে গেইলক পেভিলিয়নলৈ ওভতালে মহম্মদ ছামীয়ে

গেইলে ১৯ বলত সংগ্ৰহ কৰে মাত্ৰ ৬ ৰান।

News18-Assam
Updated:June 27, 2019, 8:01 PM IST
৫ম অভাৰতে গেইলক পেভিলিয়নলৈ ওভতালে মহম্মদ ছামীয়ে
গেইলে ১৯ বলত সংগ্ৰহ কৰে মাত্ৰ ৬ ৰান।
News18-Assam
Updated: June 27, 2019, 8:01 PM IST
মানচেষ্টাৰত অব্যাহত আছে ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ খেল। প্ৰথমে বেটিং কৰি ভাৰতে নিৰ্ধাৰিত ৫০ অভাৰত ৭ উইকেটৰ বিমিনয়ত সংগ্ৰহ কৰে ২৬৮ ৰান।

ভাৰতৰ হৈ কে এল ৰাহুলে ৪৮ ৰান, ৰোহিত শৰ্মাই ১৮ ৰান, বিৰাট কোহলীয়ে ৭২ ৰান, বিজয় শংকৰে ১৪ ৰান, কেদাৰ যাদৱে ৭ ৰান, মহেন্দ্ৰ সিং ধোনীয়ে ৫৬ ৰান, হাৰ্দিক পাণ্ডিয়াই ৪৬ ৰান সংগ্ৰহ কৰে।

২৬৯ ৰানৰ লক্ষ্য আগত লৈ বেটিং কৰিবলৈ অহা ৱেষ্ট ইণ্ডিজে পঞ্চম অভাৰতে হেৰুৱালে প্ৰথমটো উইকেট। মহম্মদ ছামীৰ বলত কেদাৰ যাদৱৰ হাতত সহজ কেচ তুলি দিয়ে ক্ৰিছ গেইলে। ছামীৰ বলটো পুল কৰিবলৈ গৈ মিড অনত কেচ তুলি দিয়ে গেইলে। গেইলে ১৯ বলত সংগ্ৰহ কৰে মাত্ৰ ৬ ৰান।
আৰু চাওক পৰৱৰ্তী বাতৰি