বিশ্বকাপ : যদি আজিও বৰষুণ নকমে তেন্তে ভাৰত আৰু নিউজীলেণ্ডৰ কোনে প্ৰৱেশ কৰিব ফাইনেলত?

ভাৰত–নিউজীলেণ্ডৰ মাজৰ ছেমি ফাইনেলৰ ৰিজাৰ্ভ ডে’ৰ দিনা অৰ্থাৎ আজিও মানচেষ্টাৰত বৰষুণৰ সম্ভাৱনা পূৰামাত্ৰাই আছে।

News18-Assam
Updated:July 10, 2019, 7:04 AM IST
বিশ্বকাপ : যদি আজিও বৰষুণ নকমে তেন্তে ভাৰত আৰু নিউজীলেণ্ডৰ কোনে প্ৰৱেশ কৰিব ফাইনেলত?
ভাৰত–নিউজীলেণ্ডৰ মাজৰ ছেমি ফাইনেলৰ ৰিজাৰ্ভ ডে’ৰ দিনা অৰ্থাৎ আজিও মানচেষ্টাৰত বৰষুণৰ সম্ভাৱনা পূৰামাত্ৰাই আছে।
News18-Assam
Updated: July 10, 2019, 7:04 AM IST
মঙলবাৰে বৰষুণৰ বাবে স্থগিত ৰাখিবলগীয়া হ’ল আই চি চি ক্ৰিকেট বিশ্বকাপ ২০১৯ৰ ভাৰত আৰু নিইজীলেণ্ডৰ মাজৰ ছেমি ফাইনেল খেলখন। মানচেষ্টাৰৰ আকাশ এতিয়াও ছানি আছে ক’লা মেঘে। সকলোৰে প্ৰশ্ন – বৰষুণৰ বাবে খল স্থগিত হোৱাৰ পিছত এতিয়া কি হ’ব?

নক–আউট মেচৰ বাবে আই চি চিয়ে ৰিজাৰ্ভ ডে’ৰ ব্যৱস্থা ৰাখিছে। এনে অৱস্থাত ছেমি ফাইনেল আৰু ফাইনেল মেচৰ দিনা বৰষুণ হ’লে পৰৱৰ্তী দিনটো ৰিজাৰ্ভ হ’ব। ক্ৰিকেটপ্ৰেমীৰ বাবে নিৰাশাজনক কথাটো হ’ল ভাৰত–নিউজীলেণ্ডৰ মাজৰ ছেমি ফাইনেলৰ ৰিজাৰ্ভ ডে’ৰ দিনা অৰ্থাৎ আজিও মানচেষ্টাৰত বৰষুণৰ সম্ভাৱনা পূৰামাত্ৰাই আছে। প্ৰশ্ন হৈছে আজিও যদি বৰষুণ দিয়ে তেন্তে ভাৰত আৰু নিউজীলেণ্ডৰ খেলখনৰ ফলাফল কি হ’ব? ভাৰত আৰু নিউজীলেণ্ডৰ মাজৰ কোনটো দল প্ৰৱেশ কৰিব ফাইনেলত? কিয়নো গ্ৰুপ পৰ্যায়ৰ মেচৰ দৰে ১–১ পইণ্ট ভগাই দিব নোৱাৰে দুয়োটা দলক।

ফাইনেলৰ বাবে দুয়োটা দলৰ কোনো এটাৰ পক্ষত সিদ্ধান্ত হ’বই লাগিব। এনে অৱস্থাত ভাগ্য আৰু গ্ৰুপ পৰ্যায়ত ভাৰতৰ প্ৰদৰ্শনে দলটোক সহায় কৰিব পাৰে। যদি বৰষুণৰ বাবে এই খেলখন নহয়, তেন্তে ভাৰত ফাইনেলত প্ৰৱেশ কৰাটো প্ৰায় নিশ্চিত। ইয়াৰ কাৰণ হ’ল গ্ৰুপ পৰ্যায়ত লাভ কৰা পইণ্ট।

লীগ পৰ্যায়ৰ পইণ্ট তালিকাৰ শীৰ্ষত আছে ভাৰত। ৯খন মেচৰ ৭খনত জয়লাভ কৰাৰ বিপৰীতে এখন খেলত পৰাজিত হৈছে টীম ইণ্ডিয়া। আনহাতে, নিউজীলেণ্ডৰ বিৰুদ্ধে খেলখন বৰষুণৰ বাবে অমীমাংসিত হৈছিল। আনহাতে, গ্ৰুপ পৰ্যায়ৰ পইণ্ট তালিকাৰ চতুৰ্থ স্থানত আছে নিউজীলেণ্ড দলটো। ৯খন গ্ৰুপ মেচৰ ভিতৰত ৫খনত জয়লাভ কৰিছে নিউজীলেণ্ডে।

বিশ্বকাপ ২০১৯ৰ নিয়ম অনুসৰি, যদি ৰিজাৰ্ভ ডে’ৰ দিনাও বৰষুণ অব্যাহত থাকে আৰু কোনো ফলাফল নোলায় তেন্তে লীগ পৰ্যায়ত শীৰ্ষত থকা দলে পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিব। যদি ছেমি ফাইনেল আৰু ফাইনেল মেচ টাই হয় তেন্তে ছুপাৰ অভাৰৰ জৰিয়তে সিদ্ধান্ত লোৱা হ’ব।
আৰু চাওক পৰৱৰ্তী বাতৰি