ভাৰত নে নিউজীলেণ্ড, কোনে প্ৰৱেশ কৰিব বিশ্বকাপৰ ফাইনেলত? মানচেষ্টাৰত বৰষুণৰ সম্ভাৱনা

আজি মানচেষ্টাৰত বৰষুণৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে বতৰ বিজ্ঞান বিভাগে। অৱশ্যে নক–আউট মেচৰ বাবে আই চি চিয়ে ৰাখিছে ৰিজাৰ্ভ ডে’।

News18-Assam
Updated:July 9, 2019, 7:34 AM IST
ভাৰত নে নিউজীলেণ্ড, কোনে প্ৰৱেশ কৰিব বিশ্বকাপৰ ফাইনেলত? মানচেষ্টাৰত বৰষুণৰ সম্ভাৱনা
আজি মানচেষ্টাৰত বৰষুণৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে বতৰ বিজ্ঞান বিভাগে। অৱশ্যে নক–আউট মেচৰ বাবে আই চি চিয়ে ৰাখিছে ৰিজাৰ্ভ ডে’।
News18-Assam
Updated: July 9, 2019, 7:34 AM IST
চলিত বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেলত আজি মুখামুখি হ’ব ভাৰত আৰু নিউজীলেণ্ড। মানচেষ্টাৰৰ অ’ল্ড ট্ৰেফৰ্ড ষ্টেডিয়ামত অনুষ্ঠিত হ’ব খেলখন। ভাৰত আৰু নিউজীলেণ্ড প্ৰথমবাৰৰ বাবে চলিত বিশ্বকাপত মুখামুখি হ’ব, কিয়নো বৰষুণৰ বাবে বিঘ্নিত হৈছিল গ্ৰুপ পৰ্যায়ৰ মেচখন। ইয়াৰ বাবে দুয়োটা দলে লাভ কৰে ১–১ পইণ্ট। এতিয়া ছেমি ফাইনেলতো বৰষুণৰ সম্ভাৱনাই দেখা দিছে। আজি মানচেষ্টাৰত বৰষুণৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে বতৰ বিজ্ঞান বিভাগে। অৱশ্যে নক–আউট মেচৰ বাবে আই চি চিয়ে ৰাখিছে ৰিজাৰ্ভ ডে’। এনে অৱস্থাত ছেমি ফাইনেল আৰু ফাইনেল মেচৰ দিনা বৰষুণ হ’লে পৰৱৰ্তী দিনটো ৰিজাৰ্ভ হ’ব। চিন্তাৰ কাৰণতো হ’ল, ৰিজাৰ্ভ ডে’ৰ দিনাও মূষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে মানচেষ্টাৰত।

প্ৰশ্ন হৈছে, যদি ৰিজাৰ্ভ ডে’ৰ দিনাও বৰষুণ হয় তেন্তে কি হ’ব? ভাগ্য আৰু গ্ৰুপ পৰ্যায়ৰ প্ৰদৰ্শনে সহায় কৰিব পাৰে ভাৰতক। যদি বৰষুণৰ বাবে এই খেলখন অনুষ্ঠিত নহয়, তেন্তে ভাৰতে নেখেলাকৈয়ে ফাইনেলত প্ৰৱেশ কৰিব। ইয়াৰ কাৰণ হ’ল গ্ৰুপ মেচৰ পইণ্ট।

গ্ৰুপ পৰ্যায়ত ভাৰতে ৯খন খেলৰ ভিতৰত ৭খনত জয়লাভ কৰিছে। কেৱল এখন খেলত পৰাজিত হৈছে টীম ইণ্ডিয়া। ইফালে নিউজীলেণ্ডে ৯খন খেলৰ ভিতৰত জয়লাভ কৰিছে ৫খনত। তিনিখন খেলত পৰাজিত হৈছে দলটো। ভাৰত আৰু নিউজীলেণ্ডৰ মাজৰ খেলখন বৰষুণৰ বাবে অমীমাংসিত হৈছিল। এনে অৱস্থাত ফাইনেলত প্ৰৱেশৰ বাবে ভাৰতৰ সম্ভাৱনা অধিক।
আৰু চাওক পৰৱৰ্তী বাতৰি