মানচেষ্টাৰত ভুমুকি মাৰিছে সূৰ্য দেৱতাই, কিছু সময় পিছতে আৰম্ভ হ’ব ভাৰত–নিউজীলেণ্ডৰ ছেমি ফাইনেল

মঙলবাৰে নিউজীলেণ্ডে বেটিং কৰি থকা অৱস্থাতে ৪৭ অভাৰত আৰম্ভ হয় বৰষুণ।

news18assam
Updated:July 10, 2019, 2:45 PM IST
মানচেষ্টাৰত ভুমুকি মাৰিছে সূৰ্য দেৱতাই, কিছু সময় পিছতে আৰম্ভ হ’ব ভাৰত–নিউজীলেণ্ডৰ ছেমি ফাইনেল
মঙলবাৰে নিউজীলেণ্ডে বেটিং কৰি থকা অৱস্থাতে ৪৭ অভাৰত আৰম্ভ হয় বৰষুণ।
news18assam
Updated: July 10, 2019, 2:45 PM IST
কিছু সময় পিছতে মানচেষ্টাৰ আৰম্ভ হ’ব চলিত বিশ্বকাপৰ ভাৰত আৰু নিউজীলেণ্ডৰ মাজৰ প্ৰথমখন ছেমি ফাইনেল। মঙলবাৰে বৰষুণৰ বাবে স্থগিত ৰখা হৈছিল খেলখন। আজি ৰিজাৰ্ভ ডে’ত পুনৰ অনুষ্ঠিত হ’ব খেলখন। পুৱাৰে পৰা মানচেষ্টাৰত বতৰ ডাৱৰীয়া হৈ আছিল যদিও বৰ্তমান কিছু ফৰকাল হৈছে। সকলো ক্ৰিকেটপ্ৰেমীয়ে অধীৰ আগ্ৰহেৰে বাট চাইচে খেলখনৰ বাবে।

মঙলবাৰে নিউজীলেণ্ডে বেটিং কৰি থকা অৱস্থাতে ৪৭ অভাৰত আৰম্ভ হয় বৰষুণ। শেষত আম্পায়াৰে ৰিজাৰ্ভ ডে’ অৰ্থাৎ আজি মেচখন পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখযোগ্য যে আজি নিউজীলেণ্ডৰ খেলখন য’ত স্থগিত ৰখা হৈছিল তাৰ পৰা
আৰম্ভ হ’ব। অৰ্থাৎ কিৱি বাহিনীয়ে বাকী থকা ২৩টা বল খেলিব আজি। ইয়াৰ পিছত নিউজীলেণ্ডে বান্ধি দিয়া লক্ষ্য অনুসৰণ কৰিব টীম ইণ্ডিয়াই।
আৰু চাওক পৰৱৰ্তী বাতৰি