মানচেষ্টাৰত আজি বতৰ কেনেকুৱা হ’ব, পুনৰ আৰম্ভ হ’বনে ভাৰত–নিউজীলেণ্ডৰ ছেমি ফাইনেল?

বতৰ বিজ্ঞান বিভাগৰ মতে মানচেষ্টাৰত আজিও বৰষুণৰ সম্ভাৱনা আছে।

News18-Assam
Updated:July 10, 2019, 7:24 AM IST
মানচেষ্টাৰত আজি বতৰ কেনেকুৱা হ’ব, পুনৰ আৰম্ভ হ’বনে ভাৰত–নিউজীলেণ্ডৰ ছেমি ফাইনেল?
বতৰ বিজ্ঞান বিভাগৰ মতে মানচেষ্টাৰত আজিও বৰষুণৰ সম্ভাৱনা আছে।
News18-Assam
Updated: July 10, 2019, 7:24 AM IST
বৰষুণৰ বাবে মঙলবাৰে স্থগিত ৰখা হৈছে ভাৰত আৰু নিউজীলেণ্ডৰ মাজৰ বিশ্বকাপৰ ছেমি ফাইনেল খেল। নিউজীলেণ্ডে বেটিং কৰি থকা অৱস্থাতে ৪৭ অভাৰত আৰম্ভ হয় বৰষুণ। শেষত আম্পায়াৰে ৰিজাৰ্ভ ডে’ অৰ্থাৎ আজি মেচখন পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখযোগ্য যে আজি নিউজীলেণ্ডৰ খেলখন য’ত স্থগিত ৰখা হৈছিল তাৰ পৰাই আৰম্ভ হ’ব। অৰ্থাৎ কিৱি বাহিনীয়ে বাকী থকা ২৩টা বল খেলিব আজি। ইয়াৰ পিছত নিউজীলেণ্ডে বান্ধি দিয়া লক্ষ্য অনুসৰণ কৰিব টীম ইণ্ডিয়াই।

মানচেষ্টাৰ বতৰ
বৰ্তমান আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল আজি মানচেষ্টাৰত বতৰ কেনেকুৱা হ’ব। বতৰ বিজ্ঞান বিভাগৰ মতে মানচেষ্টাৰত আজিও বৰষুণৰ সম্ভাৱনা আছে। অৱশ্যে আশাৰ বতৰা এয়াই যে মানচেষ্টাৰত বৰষুণৰ সম্ভাৱনা আজি ২০ শতাংশ। একিউ ৱেডাৰৰ ৰিপ’ৰ্ট অনুসৰি মানচেষ্টাৰত আজি দুপৰীয়া ১২ বজাত বৰষুণ হ’ব আৰু সোনকালে কমিব। অৱশ্যে গোটেই দিনটো আকাশ মেঘাচ্ছন্ন হৈ থাকিব।



ৰিজাৰ্ভ ডে’ত কি হ’ব?
নিউজীলেণ্ডৰ ইনিংছ ২১১/৫ (৪৬.১ অভাৰ)ৰ পৰা আৰম্ভ হ’ব। যদি পুনৰ বৰষুণে বিথিপথালি দিয়ে তেন্তে ডাৰ্কৱৰ্থ লুইছ পদ্ধতি অৱলম্বন কৰা হ’ব। যদি আজিও মেচৰ কোনো ফলাফল নোলায় তেন্তে টীম ইণ্ডিয়া ফাইনেলত প্ৰৱেশ কৰাটো নিশ্চিত, কিয়নো পইণ্ট তালিকাত ভাৰতৰ স্থান নিউজীলেণ্ডকৈ বহু ওপৰত।
আৰু চাওক পৰৱৰ্তী বাতৰি