আজি ভাৰত–নিউজীলেণ্ডৰ মাজত বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেল

মানচেষ্টাৰৰ অ’ল্ড ট্ৰেফৰ্ড ষ্টেডিয়ামত অনুষ্ঠিত হ’ব খেলখন।

News18-Assam
Updated:July 9, 2019, 7:21 AM IST
আজি ভাৰত–নিউজীলেণ্ডৰ মাজত বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেল
মানচেষ্টাৰৰ অ’ল্ড ট্ৰেফৰ্ড ষ্টেডিয়ামত অনুষ্ঠিত হ’ব খেলখন।
News18-Assam
Updated: July 9, 2019, 7:21 AM IST
আজি আই চি চি ক্ৰিকেট বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেলত মুখামুখি হ’ব ভাৰত আৰু নিউজীলেণ্ড। মানচেষ্টাৰৰ অ’ল্ড ট্ৰেফৰ্ড ষ্টেডিয়ামত অনুষ্ঠিত হ’ব খেলখন। ভাৰত আৰু নিউজীলেণ্ড প্ৰথমবাৰৰ বাবে চলিত বিশ্বকাপত মুখামুখি হ’ব, কিয়নো বৰষুণৰ বাবে বিঘ্নিত হৈছিল গ্ৰুপ পৰ্যায়ৰ মেচখন। ইয়াৰ বাবে দুয়োটা দলে লাভ কৰে ১–১ পইণ্ট।

গ্ৰুপ পৰ্যায়ত ভাৰতে ৯খন খেলৰ ভিতৰত ৭খনত জয়লাভ কৰিছে। কেৱল এখন খেলত পৰাজিত হৈছে টীম ইণ্ডিয়া। ইফালে নিউজীলেণ্ডে ৯খন খেলৰ ভিতৰত জয়লাভ কৰিছে ৫খনত। তিনিখন খেলত পৰাজিত হৈছে দলটো। ভাৰত আৰু নিউজীলেণ্ডৰ মাজৰ খেলখন বৰষুণৰ বাবে অমীমাংসিত হৈছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি