ইংলেণ্ডৰ সৈতে পৰাজয়ৰ পিছত সমালোচকৰ মুখ বন্ধ কৰিলে ৰোহিত শৰ্মাই, ঋষভ পন্তক লৈ কি ক’লে?

ৰোহিত শৰ্মাই কয় যে ঋষভ পন্তক চাৰি নম্বৰ বেটিং কৰিবলৈ অহা দেখি তেওঁ আচৰিত হোৱা নাছিল।

News18-Assam
Updated:July 1, 2019, 4:51 PM IST
ইংলেণ্ডৰ সৈতে পৰাজয়ৰ পিছত সমালোচকৰ মুখ বন্ধ কৰিলে ৰোহিত শৰ্মাই, ঋষভ পন্তক লৈ কি ক’লে?
ৰোহিত শৰ্মাই কয় যে ঋষভ পন্তক চাৰি নম্বৰ বেটিং কৰিবলৈ অহা দেখি তেওঁ আচৰিত হোৱা নাছিল।
News18-Assam
Updated: July 1, 2019, 4:51 PM IST
চলিত বিশ্বকাপত ইংলেণ্ডৰ হাতত পৰাস্ত হোৱাৰ পিছত এক সংবাদমেলত ৰোহিত শৰ্মাই সকলোৰে মুখ বন্ধ কৰিলে। আয়োজক ইংলেণ্ডৰ হাতত ৩১ ৰানত পৰাস্ত হোৱাৰ পিছতে ৰোহিত শৰ্মাক সোধা হৈছিল যে বিৰাট কোহলী আউট হোৱাৰ পিছত ঋষভ পন্তক চাৰি নম্বৰত দেখি আপুনি আচৰিত হোৱা নাছিলনে? ধেমেলীয়া সুৰত এই প্ৰশ্নৰ উত্তৰ দি সকলোৰে মুখ বন্ধ কৰিলে ৰোহিত শৰ্মাই। ৰোহিত শৰ্মাই কয় যে ঋষভ পন্তক চাৰি নম্বৰ বেটিং কৰিবলৈ অহা দেখি তেওঁ আচৰিত হোৱা নাছিল। তেওঁ কয় – ঋষভ পন্তে চাৰি নম্বৰত খেলাটো আপোনালোক সকলোৱে বিচাৰিছিল। ভাৰতৰ পৰা ইংলেণ্ডলৈ অহালৈ সকলোৱে সুধিছিল যে ঋষভ পন্ত ক’ত, ঋষভ পন্ত ক’ত? এতিয়া তেওঁ চাৰি নম্বৰত আছে।


ঋষভ পন্তক ইংলেণ্ডৰ বিৰুদ্ধে খেলত বিজয় শংকৰৰ স্থানত সুযোগ দিয়া হৈছিল আৰু তেওঁ বিশ্বকাপৰ অভিষেক মেচত ২৯ বলত সংগ্ৰহ কৰিছিল ৩২ ৰান।
আৰু চাওক পৰৱৰ্তী বাতৰি