India vs Bangladesh : বিশ্বকাপত ৰোহিত শৰ্মাৰ ৫০০ ৰান

শচীন তেণ্ডুলকাৰৰ পিছত এই কৃতিত্বৰ অধিকাৰী হ’ল ৰোহিত শৰ্মাই।

News18-Assam
Updated:July 2, 2019, 4:52 PM IST
India vs Bangladesh : বিশ্বকাপত ৰোহিত শৰ্মাৰ ৫০০ ৰান
শচীন তেণ্ডুলকাৰৰ পিছত এই কৃতিত্বৰ অধিকাৰী হ’ল ৰোহিত শৰ্মাই।
News18-Assam
Updated: July 2, 2019, 4:52 PM IST
বাৰ্মিংহামত চলি আছে ভাৰত আৰু বাংলাদেশৰ খেল। টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় ভাৰতে। অপেনিং যুটী ৰোহিত শৰ্মাই আৰু কে এল ৰাহুলে সুন্দৰ আৰম্ভণি কৰিছে খেলৰ। ৮.১ অভাৰতে ভাৰতে অৰ্ধশতক সম্পূৰ্ণ কৰে। এয়া আছিল বিশ্বকাপত ভাৰতৰ দ্ৰুততৰ আৰম্ভণি। এই খেলখনত ৪৫ বলত ৰোহিত শৰ্মাই সম্পূৰ্ণ কৰে অৰ্ধশতক। কে এল ৰাহুলেও ৫৭ বলত অৰ্ধশতক অৰ্জন কৰে। ইয়াৰ উপৰি ৰোহিত শৰ্মাই বিশ্বকাপত সম্পূৰ্ণ কৰিলে ৫০০ ৰান। শচীন তেণ্ডুলকাৰৰ পিছত এই কৃতিত্বৰ অধিকাৰী হ’ল ৰোহিত শৰ্মাই। এইপৰ্যন্ত ৰোহিত শৰ্মা আৰু কে এল ৰাহুল অপৰাজিত হৈ আছে।
আৰু চাওক পৰৱৰ্তী বাতৰি