India Vs Bangladesh : আজি ভাৰতীয় দলত স্থান পাব পাৰে এই দুই খেলুৱৈয়ে, এনেকুৱা হ’ব পাৰে প্লেয়িং ইলেভেন

কেদাৰ যাদৱ আৰু য়ুজবেন্দ্ৰ চহলক আজি বিশ্ৰাম দিয়া হ’ব পাৰে।

news18assam
Updated:July 2, 2019, 12:06 PM IST
India Vs Bangladesh : আজি ভাৰতীয় দলত স্থান পাব পাৰে এই দুই খেলুৱৈয়ে, এনেকুৱা হ’ব পাৰে প্লেয়িং ইলেভেন
কেদাৰ যাদৱ আৰু য়ুজবেন্দ্ৰ চহলক আজি বিশ্ৰাম দিয়া হ’ব পাৰে।
news18assam
Updated: July 2, 2019, 12:06 PM IST
আজি বিশ্বকাপত গুৰুত্বপূৰ্ণ খেলত বাংলাদেশৰ মুখামুখি হ’ব ভাৰত। আজি যদি ভাৰতে বাংলাদেশক পৰাস্ত কৰে তেন্তে ছেমি ফাইনেলত স্থান নিশ্চিত। এনে অৱস্থাত প্লেয়িং ইলেভেন কেনেধৰণৰ হ’ব সেয়া অতি গুৰুত্বপূৰ্ণ। আজি ভাৰতীয় দলত হ’ব পাৰে দুটা সালসলনি। কেদাৰ যাদৱ আৰু য়ুজবেন্দ্ৰ চহলক আজি বিশ্ৰাম দিয়া হ’ব পাৰে। তেওঁলোকৰ ঠাইত দলত স্থান পাব পাৰে ভুবনেশ্বৰ কুমাৰ আৰু ৰবীন্দ্ৰ জাদেজাই।

এতিয়ালৈ ভাৰতৰ পইণ্ট ১১
টুৰ্ণামেণ্টত ভাৰতে এতিয়ালৈ ৭খন মেচ খেলিছে। ইয়াৰ ভিতৰত পাঁচখনত জয়লাভ কৰিছে, এখন পৰাজিত হোৱাৰ বিপৰীতে আন এখন খেল বৰষুণৰ বাবে অমীমাংসিত হৈছে। বৰ্তমান ভাৰতৰ পইণ্ট হৈছে ১১। আজিৰ খেলখন এইবাবেও গুৰুত্বপূৰ্ণ যে বাংলাদেশে ছেমি ফাইনেলত স্থান নিশ্চিত কৰিবলৈ যথাসাধ্য চেষ্টা চলাব। ইংলেণ্ডৰ বিৰুদ্ধে পৰাজয়ৰ পিছত ভাৰতৰ ওচৰত এতিয়া সম্পৰীক্ষাৰ বাবে অধিক সময় নাই। এনে অৱস্থাত যিসকল খেলুৱৈয়ে এতিয়ালৈ সুযোগ পোৱা নাই, অধিনায়ক কোহলীয়ে তেওঁলোকৰ ওপৰত আস্থা ৰাখিব লাগিব। আজি ভাৰতীয় দল বিশ্বৰ এক নম্বৰ অল ৰাউণ্ডাৰ ছাকিব অল হাছানৰো মুখামুখি হ’ব।

জাদেজাই স্থান পোৱাৰ কাৰণ
জাদেজাক দলত লোৱাৰ সম্ভাৱনা এইকাৰণে আছে কাৰণ তেওঁ ৬ বা ৭ নম্বৰত বেটিং কৰাৰ সময়ত যাদৱতকৈ সুন্দৰ খেলিব পাৰে। তেওঁৰ উইকেট টু উইকেট বাওঁহতীয়া স্পীনে বিপক্ষক বিপদত পেলাব পাৰে। সকলো মিলাই অল ৰাউণ্ডাৰ প্ৰদৰ্শনৰ বাবে জাদেজাই পাব পাৰে স্থান।

ভুবনেশ্বৰে স্থান পোৱাৰ কাৰণ
আঘাতৰ সমস্যাৰ পৰা মুক্ত হৈছে ভুবনেশ্বৰ কুমাৰ। এই সময়ত টীম ইণ্ডিয়াৰ তিনিগৰাকী মুখ্য বলাৰ ফৰ্মত আছে। এনে অৱস্থাত টীম ইণ্ডিয়াই তিনিওজন মুখ্য বলাকৰ খেলপথাৰত নমোৱা উচিত। চহল এই টুৰ্ণামেণ্টত সফল হ’ব পৰা নাই। ইংলেণ্ডৰ বিৰুদ্ধে চহলে ১০ অভাৰত কোনো উইকেট নোপোৱাকৈ দিছে ৮৮ ৰান।

সম্ভাৱ্য প্লেয়িং ইলেভেন
ভাৰত – ৰোহিত শৰ্মা, কে এল ৰাহুল, বিৰাট কোহলী, ঋষভ পন্ত, এম এছ ধোনী, হাৰ্দিক পাণ্ডিয়া, কেদাৰ যাদৱ/ৰবীন্দ্ৰ জাদেজা, ভুবনেশ্বৰ কুমাৰ/য়ুজবেন্দ্ৰ চহল, কুলদীপ যাদৱ, মহম্মদ ছামী, জছপ্ৰীত বুমৰাহ।

বাংলাদেশ – তমিম ইকবাল, লিটন দাস, ছাকিব অল হাছান, মুছফিকৰ ৰহিম, সৌম্য সৰকাৰ, মহদুল্লাহ, মোছদেক হুছেইন, মহম্মদ ছাইফুদ্দিন, মেহেন্দী হাছান, মুছাৰফ মুৰ্তাজা, মুস্তাফিজুৰ ৰহমান।
আৰু চাওক পৰৱৰ্তী বাতৰি