India Vs Bangladesh : বাংলাদেশক ৩১৫ ৰানৰ লক্ষ্য বান্ধি দিলে ভাৰতে

বাংলাদেশৰ বিৰুদ্ধে শতৰান অৰ্জনৰ পিছতে একেখন বিশ্বকাপত চাৰিটা শতৰান অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় ক্ৰিকেটাৰ হিচাপে পৰিচিত হ’ল ৰোহিত শৰ্মা।

News18-Assam
Updated:July 2, 2019, 6:51 PM IST
India Vs Bangladesh : বাংলাদেশক ৩১৫ ৰানৰ লক্ষ্য বান্ধি দিলে ভাৰতে
বাংলাদেশৰ বিৰুদ্ধে শতৰান অৰ্জনৰ পিছতে একেখন বিশ্বকাপত চাৰিটা শতৰান অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় ক্ৰিকেটাৰ হিচাপে পৰিচিত হ’ল ৰোহিত শৰ্মা।
News18-Assam
Updated: July 2, 2019, 6:51 PM IST
বাৰ্মিংহামত বাংলাদেশক ৩১৫ ৰানৰ লক্ষ্য বান্ধি দিলে ভাৰতে। নিৰ্ধাৰিত ৫০ অভাৰত ভাৰতে সংগ্ৰহ কৰে ৩১৪ ৰান। ৰোহিত শৰ্মাৰ দৰ্শনীয় শতৰানৰ সহায়ত বাংলাদেশৰ সন্মুখত ৩১৫ ৰানৰ জয়ৰ লক্ষ্য বান্ধি দিয়ে টীম ইণ্ডিয়াই। আজিৰ খেলত বিস্ফোৰক বেটছমেন ৰোহিত শৰ্মাই চলিত বিশ্বকাপত সংগ্ৰহ কৰিলে চতুৰ্থটো শতৰান। এই শতৰানেৰে ৰোহিত শৰ্মাই সৃষ্টি কৰিলে কেইবাটাও অভিলেখ।

বাংলাদেশৰ বিৰুদ্ধে শতৰান অৰ্জনৰ পিছতে একেখন বিশ্বকাপত চাৰিটা শতৰান অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় ক্ৰিকেটাৰ হিচাপে পৰিচিত হ’ল ৰোহিত শৰ্মা। এই কৃতিত্বৰে ৰোহিত শৰ্মাই ভংগ কৰে ভাৰতীয় দলৰ প্ৰাক্তন ক্ৰিকেটাৰ সৌৰভ গাংগুলীৰ অভিলেখ। ইয়াৰ পূৰ্বে ২০০৩ৰ বিশ্বকাপত একেখন বিশ্বকাপত গাংগুলীয়ে অৰ্জন কৰিছিল তিনিটা শতৰান। আজিৰ খেলখনত বাংলাদেশৰ বিৰুদ্ধে ৰোহিত শৰ্মাই সংগ্ৰহ কৰে ১০৪ ৰান। ৯০ বলতে ৰোহিত শৰ্মাই টীম ইণ্ডিয়াক উপহাৰ দিলে এই দৰ্শনীয় ইনিংছ। ইয়াৰ লগতে ইংলেণ্ডৰ মাটিত ক্ৰমাগতভাৱে তৃতীয়টো শতৰান অৰ্জন কৰা ৰোহিত শৰ্মা হ’ল প্ৰথমগৰাকী ক্ৰিকেটাৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি