ভাৰত–নিউজীলেণ্ডৰ ছেমি ফাইনেল, টছত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত নিউজীলেণ্ডৰ

চলিত বিশ্বকাপত নিউজীলেণ্ডৰ সৈতে টীম ইণ্ডিয়াৰ এয়া প্ৰথম মুখামুখি।

News18-Assam
Updated:July 9, 2019, 2:46 PM IST
ভাৰত–নিউজীলেণ্ডৰ ছেমি ফাইনেল, টছত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত নিউজীলেণ্ডৰ
চলিত বিশ্বকাপত নিউজীলেণ্ডৰ সৈতে টীম ইণ্ডিয়াৰ এয়া প্ৰথম মুখামুখি।
News18-Assam
Updated: July 9, 2019, 2:46 PM IST
কিছু সময় পিছতে ভাৰত আৰু নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব চলিত বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেল। ইতিমধ্যে টছত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লৈছে নিউজীলেণ্ডে। চলিত বিশ্বকাপত নিউজীলেণ্ডৰ সৈতে টীম ইণ্ডিয়াৰ এয়া প্ৰথম মুখামুখি। কিয়নো গ্ৰুপ মেচত নিউজীলেণ্ডৰ বিৰুদ্ধে খেলখন বৰষুণৰ বাবে বিঘ্নিত হৈছিল। আজি ভাৰতীয় দলৰ প্লেয়িং ইলেভেনত আছে বিৰাট কোহলী (অধিনায়ক), জছপ্ৰীত বুমৰাহ, য়ুজৱেন্দ্ৰ চহল, এম এছ ধোনী, ৰবীন্দ্ৰ জাদেজা, কেদাৰ যাদৱ, দীনেশ কাৰ্তিক, ভুবনেশ্বৰ কুমাৰ, হাৰ্দিক পাণ্ডিয়া, ঋষভ পন্ত, কে এল ৰাহুল, মহম্মদ ছামী, মায়াংক আগৰৱাল, ৰোহিত শৰ্মা আৰু কুলদীপ যাদৱ।

ইফালে, নিউজীলেণ্ড দলটোত আছে কেন উইলিয়ামছন (অধিনায়ক), টম ব্লণ্ডেল, ট্ৰেণ্ট ব’ল্ট, কলিন ডি গ্ৰেণ্ডহোম, লোকি ফৰ্গুছন, মাৰ্টিন গপতিল, মেট হেনৰী, টম লেথম, কলিন মনৰো, জিমি নীশম, হেনৰী নিকোলছ, মিছেল ছেণ্টনৰ, ঈশ ছোৰী, টিম ছউদী আৰু ৰছ টেলাৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি