ধোনী আৰু ছৰফৰাজৰ এটা এটা কেচ, যাক লৈ বিশ্বজুৰি চৰ্চা, কিন্তু কিয়?

এতিয়া ক্ৰিকেট জগতত ধোনী আৰু ছৰফৰাজৰ এই কেচৰ তুলনা চলিছে।

News18-Assam
Updated:June 28, 2019, 6:10 PM IST
ধোনী আৰু ছৰফৰাজৰ এটা এটা কেচ, যাক লৈ বিশ্বজুৰি চৰ্চা, কিন্তু কিয়?
এতিয়া ক্ৰিকেট জগতত ধোনী আৰু ছৰফৰাজৰ এই কেচৰ তুলনা চলিছে।
News18-Assam
Updated: June 28, 2019, 6:10 PM IST
আই চি চি ক্ৰিকেট বিশ্বকাপত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে খেলত দৰ্শনীয় বেটিঙেৰে এম এছ ধোনীয়ে মুখ বন্ধ কৰিলে সমালোচকৰ। আফগানিস্তানৰ বিৰুদ্ধে লেহেমীয়া বেটিং কৰাক লৈ সমালোচনাৰ সন্মুখীন হৈছিল ধোনী। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অৰ্ধশতক অৰ্জন কৰাই নহয়, উইকেটৰ পিছফালে থাকি বিপৰীত দলৰ বেটছমেনক ভীতিগ্ৰস্ত কৰি ৰাখিছিল ধোনীয়ে।

খেলৰ ২৭সংখ্যক অভাৰৰ বুমৰাহৰ প্ৰথমটো বলত সোঁফালে ডাইভ কৰি কাৰ্লোছ ব্ৰেথৱেটক পেভিলিয়নলৈ ওভতাই পঠিয়াইছিল। ধোনীৰ এই কেচ দেখি সকলো আচৰিত হৈছিল। ধোনীয়ে পুনৰ এবাৰ দেখুৱাই দিলে কিয় তেওঁক বিশ্বৰ মহান খেলুৱৈৰ শাৰীত ধৰা হয়। ইয়াৰ পিছত তেওঁৰ এই কেচটো পাকিস্তানৰ অধিনায়ক ছৰফৰাজ আহমেদে ধৰা এটা কেচৰ সৈতে তুলনা কৰা হৈছে।

পাকিস্তানৰ অধিনায়ক ছৰফৰাজেও একেধৰণে ধৰিছিল এটা কেচ। নিউজীলেণ্ডৰ বিৰুদ্ধে খেলত সোঁফালে ডাইভ মাৰি ৰছ টেইলৰৰ কেচ ধৰিছিল ছৰফৰাজে। এতিয়া ক্ৰিকেট জগতত ধোনী আৰু ছৰফৰাজৰ এই কেচৰ তুলনা চলিছে। আই চি চিয়েও নিজৰ ইনষ্টাগ্ৰামত দুয়োগৰাকীয়ে কেচ ধৰা ভিডিঅ’ আপলোড কৰি কাৰ কেচ অধিক আকৰ্ষণীয় বুলি প্ৰশ্ন কৰিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি