#ThankYouMSD : মহেন্দ্ৰ সিং ধোনীৰ এই দৃশ্যই কন্দুৱাইছে ক্ৰিকেটপ্ৰেমীক!

ৰোহিত, কোহলী, কে এল ৰাহুলকে ধৰি টপ–অৰ্ডাৰৰ বেটছমেনসকল ব্যৰ্থ হোৱাৰ পিছত এটা সময়ত ধাৰণা কৰা হৈছিল যে ভাৰতে হয়তো শতকৰ ঘৰো চুব নোৱাৰিব। কিন্তু সকলোৰে এটাই আশা আছিল – ধোনী এতিয়াও আছে।

news18assam
Updated:July 11, 2019, 3:44 PM IST
#ThankYouMSD : মহেন্দ্ৰ সিং ধোনীৰ এই দৃশ্যই কন্দুৱাইছে ক্ৰিকেটপ্ৰেমীক!
ৰোহিত, কোহলী, কে এল ৰাহুলকে ধৰি টপ–অৰ্ডাৰৰ বেটছমেনসকল ব্যৰ্থ হোৱাৰ পিছত এটা সময়ত ধাৰণা কৰা হৈছিল যে ভাৰতে হয়তো শতকৰ ঘৰো চুব নোৱাৰিব। কিন্তু সকলোৰে এটাই আশা আছিল – ধোনী এতিয়াও আছে।
news18assam
Updated: July 11, 2019, 3:44 PM IST
যেতিয়াই খেলপথাৰত দুৰ্যোগৰ সৃষ্টি হয়, তেতিয়াই দায়িত্ব মূৰ পাতি লয় ধোনীয়ে। যেতিয়া দলটো কঠিন সময়ৰ সন্মুখীন হয়, ত্ৰাণকৰ্তাৰ ৰূপত থিয় হয় ধোনী। প্ৰতিখন খেলতেই নিজৰ দায়িত্ববোধৰ পৰিচয় দি যিকোনো পৰিস্থিতিৰ সন্মুখত সাহসেৰে থিয় হয় এম এছ ধোনী। ধোনী থাকিলে যেন খেলপথাৰত সকলো সম্ভৱ।

বুধবাৰেও নিউজীলেণ্ডৰ বিৰুদ্ধে বিশ্বকাপৰ ছেমি ফাইনেলত এটা সময়ত প্ৰতিজন ভাৰতীয় ক্ৰীড়াপ্ৰেমীয়ে একমাত্ৰ ধোনীকেই শেষ আশা হিচাপে লৈছিল। ৰোহিত, কোহলী, কে এল ৰাহুলকে ধৰি টপ–অৰ্ডাৰৰ বেটছমেনসকল ব্যৰ্থ হোৱাৰ পিছত এটা সময়ত ধাৰণা কৰা হৈছিল যে ভাৰতে হয়তো শতকৰ ঘৰো চুব নোৱাৰিব। কিন্তু সকলোৰে এটাই আশা আছিল – ধোনী এতিয়াও আছে।

৭ নম্বৰ স্থানত বেটিং কৰিবলৈ আহিছিল ধোনী। আহিয়ে পৰিস্থিতি চম্ভালি লৈছিল ধোনীয়ে। ৰবীন্দ্ৰ জাদেজাৰ সৈতে সুন্দৰভাৱে আগবঢ়াই নিছিল ইনিংছ। লাহে লাহে প্ৰতিজন ভাৰতীয়ৰ মনত জয়ৰ আশা জগাই তুলিছিল ধোনী–জাদেজাই। কিন্তু লক্ষ্যত উপনীত হ’বলৈ আৰু কিছুদূৰ বাকী থকাৰ সময়তে যেন ঘটিল অঘটন। এটা বলত দুই ৰান ল’বলৈ গৈ ৰান আউট হয় ধোনী। ধোনীৰ আউটৰ লগে লগেই নিৰ্বাপিত হৈছিল ভাৰতৰ জয়ৰ আশা।

আউট হোৱাৰ পিছতে হতাশ হৈ পৰিছিল শান্ত–সমাহিত মহেন্দ্ৰ সিং ধোনী। আউট হৈ পেভিলিয়নলৈ উভতি অহাৰ সময়ত ধোনীৰ চকুৰে নিগৰি আহিছিল চকুলো। ষ্টেডিয়ামত উপস্থিত দৰ্শকে যদিও ধোনীৰ চকুলো দেখা নাছিল, কিন্তু সেই দৃশ্য বন্দী হৈছিল কেমেৰাত।

আৰু চাওক পৰৱৰ্তী বাতৰি