• Home
  • »
  • News
  • »
  • world
  • »
  • মানচেষ্টাৰত মূষলধাৰ বৰষুণ, কি হ’ব ভাৰত–ৱেষ্ট ইণ্ডিজৰ খেল?

মানচেষ্টাৰত মূষলধাৰ বৰষুণ, কি হ’ব ভাৰত–ৱেষ্ট ইণ্ডিজৰ খেল?

ৱেষ্ট ইণ্ডিজ দলটো ছেমি ফাইনেলত প্ৰৱেশৰ কোনো সম্ভাৱনা নাই, অৰ্থাৎ দলটোৰ হেৰুৱাবলগীয়া একো নাই। সেইবাবেই ভাৰতৰ বিৰুদ্ধে খেলত বিপজ্জনক হ’ব পাৰে দলটো।

  • Share this:
    বৃহস্পতিবাৰে চলিত বিশ্বকাপৰ পৰৱৰ্তী খেলত ৱেষ্ট ইণ্ডিজৰ মুখামুখি হ’ব টীম ইণ্ডিয়া। এয়া হ’ব ভাৰতৰ ষষ্ঠখন খেল। ভাৰতীয় দলে এই বিশ্বকাপত চাৰিখন খেলত জয়লাভ কৰিছে। নিউজীলেণ্ডৰ বিৰুদ্ধে খেলখন বৰষুণৰ বাবে বিঘ্নিত হৈছিল। ইফালে, ৱেষ্ট ইণ্ডিজে এইপৰ্যন্ত ৬খন মেচৰ ভিতৰত জয়লাভ কৰিছে এখনত। চাৰিখন মেচত পৰাজিত হৈছে দলটো। এখন খেল অমীমাংসিত হৈছিল। ৱেষ্ট ইণ্ডিজ দলটো ছেমি ফাইনেলত প্ৰৱেশৰ কোনো সম্ভাৱনা নাই, অৰ্থাৎ দলটোৰ হেৰুৱাবলগীয়া একো নাই। সেইবাবেই ভাৰতৰ বিৰুদ্ধে খেলত বিপজ্জনক হ’ব পাৰে দলটো।

    ভাৰত–ৱেষ্ট ইণ্ডিজৰ খেলখন অনুষ্ঠিত হ’ব মানচেষ্টাৰৰ অ’ল্ড ট্ৰেফাৰ্ড খেলপথাৰত। এই খেলপথাৰতে পাকিস্তানক পৰাস্ত কৰিছে ভাৰতে। এতিয়া ভাৰত–ৱেষ্ট ইণ্ডিজৰ খেলৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে। খেলখনত বৰষুণে বাধা দিব নে সম্পূৰ্ণ ৫০ অভাৰ খেলিব পৰা হ’ব তাক লৈ চৰ্চা চলিছে।

    দেওবাৰৰ পৰা মানচেষ্টাৰত হৈ আছে জাকে জাকে বৰষুণ। কিন্তু মঙলবাৰে বৃদ্ধি পায় বৰষুণৰ পৰিমাণ। মঙলবাৰৰ দিনটোৰ অধিকাংশ সময় বতাহৰ লগতে হয় মূষলধাৰ বৰষুণ। আকাশত ক’লা আৰু ঘন মেঘ দেখা গৈছে। বতৰ বিজ্ঞান বিভাগে অনুমান কৰিছে যে আগন্তুক দুদিনলৈ বৰষুণৰ পৰা সকাহ পোৱাৰ সম্ভাৱনা আছে। ভাৰত–ৱেষ্ট ইণ্ডিজৰ খেলৰ দিনা ৰ’দ দিয়াৰ সম্ভাৱনা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান বিভাগে।
    First published: