আজি ইংলেণ্ডৰ বিৰুদ্ধে ধোনী আৰু ৰোহিত শৰ্মাই গঢ়িব পাৰে অনন্য অভিলেখ

ইংলেণ্ডৰ বিৰুদ্ধে সৰ্বাধিক ৰান সংগ্ৰহ কৰা ভাৰতীয় খেলুৱৈগৰাকী হ’ল যুৱৰাজ সিং। যুৱৰাজে ৩৭খন মেচত সংগ্ৰহ কৰিছিল ১৫২৩ ৰান।

News18-Assam
Updated:June 30, 2019, 1:31 PM IST
আজি ইংলেণ্ডৰ বিৰুদ্ধে ধোনী আৰু ৰোহিত শৰ্মাই গঢ়িব পাৰে অনন্য অভিলেখ
ইংলেণ্ডৰ বিৰুদ্ধে সৰ্বাধিক ৰান সংগ্ৰহ কৰা ভাৰতীয় খেলুৱৈগৰাকী হ’ল যুৱৰাজ সিং। যুৱৰাজে ৩৭খন মেচত সংগ্ৰহ কৰিছিল ১৫২৩ ৰান।
News18-Assam
Updated: June 30, 2019, 1:31 PM IST
ইংলেণ্ডৰ বিৰুদ্ধে আজি আজিৰ খেলত টীম ইণ্ডিয়াই কেইবাটাও অভিলেখ সৃষ্টি কৰাৰ সম্ভাৱনা আছে। বিশেষকৈ মহেন্দ্ৰ সিং ধোনী আৰু ৰোহিত শৰ্মাই কেইবাটাও অনন্য অভিলেখ গঢ়াৰ সুযোগ আছে। ৱেষ্ট ইণ্ডিজৰ মহান খেলুৱৈ ভিভিয়ান ৰিচাৰ্ডছৰ অভিলেখ ভংগ কৰাৰ সম্ভাৱনা আছে আজিৰ খেলত।

ইংলেণ্ডত সৰ্বাধিক শতৰান কৰা বিদেশী বেটছমেনৰ তালিকাখনলৈ চালে এই অভিলেখ বৰ্তমানলৈ চাৰিজন বেটছমেনৰ নামত আছে। এই খেলুৱৈকেইজন হ’ল শিখৰ ধৱন, ভিভিয়ান ৰিচাৰ্ডছ, ৰোহিত শৰ্মা আৰু কেন উইলিয়াম্ছ। এই আটাইকেইগৰাকীয়ে ইংলেণ্ডত চাৰিটাকৈ শতৰান অৰ্জন কৰিছে। যদি ৰোহিত শৰ্মাই আৰু এটা শতৰান অৰ্জন কৰে তেন্তে তেওঁ ইংলেণ্ডত সৰ্বাধিক শতৰান অৰ্জন কৰা বিদেশী খেলুৱৈৰ কৃতিত্ব লাভ কৰিব।



এজবেষ্টনৰ খেলপথাৰত ৰোহিত শৰ্মাৰ আছে অনন্য অভিলেখ। ৰোহিত শৰ্মাই এই খেলপথাৰত ৮০তকৈ অধিক গড় ৰান সংগ্ৰহ কৰিছে। এইবাৰ বিশ্বকাপত গড়ে ৮৪কৈ ৩৩৮ ৰান সংগ্ৰহ কৰিছে ৰোহিত শৰ্মাই। ইয়াৰ ভিতৰত আছে দুটা শতক।



ইংলেণ্ডৰ বিৰুদ্ধে সৰ্বাধিক ৰান সংগ্ৰহ কৰা ভাৰতীয় খেলুৱৈগৰাকী হ’ল যুৱৰাজ সিং। যুৱৰাজে ৩৭খন মেচত সংগ্ৰহ কৰিছিল ১৫২৩ ৰান। আজিৰ খেলত ভংগ হ’ব পাৰে যুৱৰাজ সিঙৰ সেই অভিলেখ। ধোনী এই অভিলেখৰ পৰা মাত্ৰ ১৯ ৰান দূৰত আছে। এতিয়ালৈ ধোনীয়ে ইংলেণ্ডৰ বিৰুদ্ধে সংগ্ৰহ কৰিছে ১৫০৪ ৰান। অৰ্থাৎ আজি ধোনীয়ে ভংগ কৰিব পাৰে এই অভিলেখ।
আৰু চাওক পৰৱৰ্তী বাতৰি