যেতিয়া কোহলী ১০ বছৰীয়া আছিল, তেতিয়াৰে পৰা অব্যাহত থকা অষ্ট্ৰেলিয়াৰ অভিলেখ ভংগ

ভাৰতৰ হাতত পৰাজয়ৰ লগে লগে অষ্ট্ৰেলিয়াৰ এদিনীয়া ক্ৰিকেটত ১০খন মেচ আৰু বিশ্বকাপত ৮খন মেচত ধাৰাবাহিকভাৱে চলি অহা বিজয়ৰথ স্তব্ধ হৈ পৰে।

news18assam
Updated:June 10, 2019, 11:57 AM IST
যেতিয়া কোহলী ১০ বছৰীয়া আছিল, তেতিয়াৰে পৰা অব্যাহত থকা অষ্ট্ৰেলিয়াৰ অভিলেখ ভংগ
ভাৰতৰ হাতত পৰাজয়ৰ লগে লগে অষ্ট্ৰেলিয়াৰ এদিনীয়া ক্ৰিকেটত ১০খন মেচ আৰু বিশ্বকাপত ৮খন মেচত ধাৰাবাহিকভাৱে চলি অহা বিজয়ৰথ স্তব্ধ হৈ পৰে।
news18assam
Updated: June 10, 2019, 11:57 AM IST
ভাৰত–অষ্ট্ৰেলিয়াৰ মেচ মানেই যেন অভিলেখ ভংগ, নতুন অভিলেখৰ জোৱাৰ। সেয়া লাগিলে বিশ্বকাপেই হওক নাইবা আন এদিনীয়াই হওক। চলিত বিশ্বকাপতো ইয়াৰ ব্যতিক্ৰম নহ’ল। দ্বিতীয়খন খেলত অষ্ট্ৰেলিয়াক ৩৬ ৰানত পৰাজিত কৰে কোহলী বাহিনীয়ে। ৫ বাৰৰ বিশ্ব চেম্পিয়ন কেংগাৰু বাহিনীৰ ৰক্ষা কৱচ তচনচ কৰি পেলালে কোহলী ব্ৰিগেডে।

অষ্ট্ৰেলিয়াৰ বাবে এই পৰাজয় অত্যন্ত বেদনাদায়ক এইকাৰণেই, কাৰণ বিশ্বকাপত কোনো দলেই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ইমান বিশাল স্ক’ৰ কৰিবলৈ সক্ষম হোৱা নাছিল। ভাৰতৰ হাতত পৰাজয়ৰ লগে লগে অষ্ট্ৰেলিয়াৰ এদিনীয়া ক্ৰিকেটত ১০খন মেচ আৰু বিশ্বকাপত ৮খন মেচত ধাৰাবাহিকভাৱে চলি অহা বিজয়ৰথ স্তব্ধ হৈ পৰে।

ভাৰতৰ বিৰুদ্ধে পৰাজয়বৰণ কৰাৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ নামত আছিল আন এক অভিলেখ। ১৯৯৯ চনৰ পিছত কেতিয়াও লক্ষ্য অনুসৰণ কৰি বিশ্বকাপত পৰাজিত হোৱা নাছিল অষ্ট্ৰেলিয়া। যেতিয়া শেষবাৰ ১৯৯৯ চনত অষ্ট্ৰেলিয়াই লক্ষ্য অনুসৰণ কৰি পৰাজয়বৰণ কৰিছিল তেতিয়া বৰ্তমানৰ ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলীৰ বয়স আছিল মাথোঁ ১০ বছৰ।

অষ্ট্ৰেলিয়াক ৩৬ ৰানত পৰাস্ত কৰি ভাৰতে এই টুৰ্ণামেণ্টত দ্বিতীয়খন খেলত জয়লাভ কৰিলে। প্ৰথমখন খেলত দক্ষিণ আফ্ৰিকাক ৬ উইকেটত পৰাস্ত কৰিছিল ভাৰতে। অষ্ট্ৰেলিয়াক পৰাস্ত কৰাৰ পিছত ভাৰতীয় দলৰ ছেমি ফাইনেলত প্ৰৱেশ কৰাটো অধিক সহজ হৈ পৰিল। কাৰণ আৰম্ভণিতে ভাৰতে দুই শক্তিশালী দলক পৰাজিত কৰিলে। ১৩ জুনত নিউজীলেণ্ডৰ বিৰুদ্ধে পৰৱৰ্তী খেলত অৱতীৰ্ণ হ’ব কোহলী বাহিনী।
আৰু চাওক পৰৱৰ্তী বাতৰি