অষ্ট্ৰেলিয়াক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত ইংলেণ্ড

ফাইনেলত নিউজীলেণ্ডৰ মুখামুখি হ’ব আয়োজক দেশ ইংলেণ্ড।

News18-Assam
Updated:July 11, 2019, 10:15 PM IST
অষ্ট্ৰেলিয়াক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত ইংলেণ্ড
ফাইনেলত নিউজীলেণ্ডৰ মুখামুখি হ’ব আয়োজক দেশ ইংলেণ্ড।
News18-Assam
Updated: July 11, 2019, 10:15 PM IST
অষ্ট্ৰেলিয়াক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিলে আয়োজক দেশ ইংলেণ্ড। ৮ উইকেটত অষ্ট্ৰেলিয়াক পৰাস্ত কৰে ইংলেণ্ডে। প্ৰথমে বেটিং কৰি অষ্ট্ৰেলিয়াই ৪৯ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই সংগ্ৰহ কৰিছিল ২২৩ ৰান। ৩১.১ অভাৰতে ইংলেণ্ডে ২টা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয়। ফাইনেলত নিউজীলেণ্ডৰ মুখামুখি হ’ব আয়োজক দেশ ইংলেণ্ড। উল্লেখযোগ্য যে প্ৰথমখন ছেমি ফাইনেলত নিউজীলেণ্ডৰ হাতত পৰাস্ত হৈছিল ভাৰত।
আৰু চাওক পৰৱৰ্তী বাতৰি