বিশ্বকাপ : টছত হাৰিলেই বিশ্বকাপৰ পৰা বাহিৰ হ’ব পাকিস্তান, কি কৰিব লাগিব ছেমিত প্ৰৱেশৰ বাবে?

নিউজীলেণ্ড দলো ছেমি প্ৰৱেশ কৰাটো প্ৰায় নিশ্চিত, কাৰণ পাকিস্তান দলটো ছেমিত প্ৰৱেশৰ বাবে কৰিব লাগিব চমৎকাৰ।

News18-Assam
Updated:July 4, 2019, 7:54 AM IST
বিশ্বকাপ : টছত হাৰিলেই বিশ্বকাপৰ পৰা বাহিৰ হ’ব পাকিস্তান, কি কৰিব লাগিব ছেমিত প্ৰৱেশৰ বাবে?
নিউজীলেণ্ড দলো ছেমি প্ৰৱেশ কৰাটো প্ৰায় নিশ্চিত, কাৰণ পাকিস্তান দলটো ছেমিত প্ৰৱেশৰ বাবে কৰিব লাগিব চমৎকাৰ।
News18-Assam
Updated: July 4, 2019, 7:54 AM IST
আই চি চি ক্ৰিকেট বিশ্বকাপ ২০১৯ৰ ৪১সংখ্যক মেচত আয়োজক ইংলেণ্ডে নিউজীলেণ্ডক ১১৯ ৰানত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ইফালে ছেমি ফাইনেলত প্ৰৱেশৰ আশাত চেঁচাপানী পৰিল পাকিস্তানৰ। নিউজীলেণ্ডৰ পৰাজয়ৰ লগতে এতিয়া পাকিস্তান দলৰ বাবেও ছেমিত প্ৰৱেশ কৰাটো অসম্ভৱ হৈ পৰিছে। এতিয়া পৰৱৰ্তী মেচত টছত হাৰিলেই বিশ্বকাপৰ পৰা বাহিৰ হ’ব পাকিস্তান। চাও আহক ছেমি ফাইনেলৰ সমীকৰণ।

বাংলাদেশে প্ৰথম বেটিং কৰিলে বাহিৰ হ’ব পাকিস্তান!
পাকিস্তান আৰু বাংলাদেশ শুকুৰবাৰে লৰ্ডছত মুখামুখি হ’ব। যদি এই খেলখনত পাকিস্তানৰ অধিনায়ক ছৰফৰাজ আহমেদ টছত হাৰি যায় আৰু বাংলাদেশে বেটিঙৰ সিদ্ধান্ত লয় তেন্তে পাকিস্তান বিশ্বকাপৰ বাহিৰ হ’ব। পাকিস্তানৰ সন্মুখত ছেমিত প্ৰৱেশৰ আৰু এটা পথ আছে কিন্তু সেয়া প্ৰায় অসম্ভৱ। পাকিস্তানে যদি প্ৰথমে বেটিং কৰাৰ সুযোগ পায় আৰু ৩৫০ ৰান সংগ্ৰহ কৰে তেন্তে বাংলাদেশক ৩৮ ৰানত অল আউট কৰিব লাগিব। ইফালে, যদি পাকিস্তান দলে ৪০০ ৰান সংগ্ৰহ কৰে তেন্তে বাংলাদেশক ৮৪ ৰানত অল আউট কৰিব লাগিব যিটো অসম্ভৱ।

ছেমি ফাইনেলত প্ৰৱেশ কৰিছে এইকেইটা দলে
এতিয়ালৈ তিনিটা দলে বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰথমে অষ্ট্ৰেলিয়াই ছেমি ফাইনেলত প্ৰৱেশ কৰে। তাৰ পিছত ভাৰতে বাংলাদেশক পৰাস্ত কৰি প্ৰৱেশ কৰে ছেমিত। আৰু বুধবাৰে নিউজীলেণ্ডক হৰুৱাই ছেমি ফাইনেলত প্ৰৱেশ কৰে আয়োজক ইংলেণ্ডে। নিউজীলেণ্ড দলো ছেমি প্ৰৱেশ কৰাটো প্ৰায় নিশ্চিত, কাৰণ পাকিস্তান দলটো ছেমিত প্ৰৱেশৰ বাবে কৰিব লাগিব চমৎকাৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি