হাৰ্দিক পাণ্ডিয়াক দুসপ্তাহতে বিশ্বশ্ৰেষ্ঠ অলৰাউণ্ডাৰ বনাব এইগৰাকী পাকিস্তানী ক্ৰিকেটাৰে!

পাকিস্তানৰ সাংবাদিক ছাজ ছাদিকে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে ছচিয়েল মিডিয়াত।

News18-Assam
Updated:June 28, 2019, 12:17 PM IST
হাৰ্দিক পাণ্ডিয়াক দুসপ্তাহতে বিশ্বশ্ৰেষ্ঠ অলৰাউণ্ডাৰ বনাব এইগৰাকী পাকিস্তানী ক্ৰিকেটাৰে!
পাকিস্তানৰ সাংবাদিক ছাজ ছাদিকে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে ছচিয়েল মিডিয়াত।
News18-Assam
Updated: June 28, 2019, 12:17 PM IST
চলিত বিশ্বকাপত অব্যাহত আছে ভাৰত জয়যাত্ৰা। টীম ইণ্ডিয়াৰ প্ৰতিগৰাকী খেলুৱৈয়ে অতি সূচাৰুৰূপে পালন কৰিছে নিজৰ নিজৰ দায়িত্ব। অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়ায়ো বিশ্বকাপত দেখুৱাইছে পৰাক্ৰম। এইবাৰ টীম ইণ্ডিয়াৰ হিট–মেন হাৰ্দিক পাণ্ডিয়াক ক্ৰিকেটৰ কৌশল শিকাবলৈ আগ্ৰহ প্ৰকাশ কৰিছে পাকিস্তানৰ এগৰাকী খেলুৱৈ আব্দুল ৰাজ্জাকে। বিচিচিআয়ে বিচাৰিলে পাণ্ডিয়াক দুসপ্তাহৰ বাবে ক্ৰিকেটৰ টিপ্ছ দিবলৈ সাজু আছে ৰাজ্জাক।

পাকিস্তানৰ সাংবাদিক ছাজ ছাদিকে ৰাজ্জাকৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে ছচিয়েল মিডিয়াত। য’ত ৰাজ্জাকে কৈছে যে মোক মাত্ৰ দুসপ্তাহ সময় দিয়ক, মই পাণ্ডিয়াক বিশ্বশ্ৰেষ্ঠ অল ৰাউণ্ডাৰ আৰু হিটাৰ বনাই দিম। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ খেলত হাৰ্দিক পাণ্ডিয়াৰ বহু দুৰ্বল দিশ লক্ষ্য কৰা বুলিও ৰাজ্জাকে উল্লেখ কৰে ভিডিঅ’টোত।

আৰু চাওক পৰৱৰ্তী বাতৰি