আজিৰে পৰা ইংলেণ্ডত ক্ৰিকেটৰ মহাৰণ

ইংলেণ্ডত যুঁজত নামিব বিশ্বৰ ১০টা দল। ইতিমধ্যে ক্ৰিকেট জ্বৰত আক্ৰান্ত হৈছে সমগ্ৰ বিশ্ব।

news18assam
Updated:May 30, 2019, 8:24 AM IST
আজিৰে পৰা ইংলেণ্ডত ক্ৰিকেটৰ মহাৰণ
ইংলেণ্ডত যুঁজত নামিব বিশ্বৰ ১০টা দল। ইতিমধ্যে ক্ৰিকেট জ্বৰত আক্ৰান্ত হৈছে সমগ্ৰ বিশ্ব।
news18assam
Updated: May 30, 2019, 8:24 AM IST
ক্ৰিকেটৰ মক্কা ইংলেণ্ডত আজিৰে পৰা আৰম্ভ হ’ব ক্ৰিকেটৰ বিশ্বযুদ্ধ। ইংলেণ্ডত যুঁজত নামিব বিশ্বৰ ১০টা দল। ইতিমধ্যে ক্ৰিকেট জ্বৰত আক্ৰান্ত হৈছে সমগ্ৰ বিশ্ব। এইবাৰৰ বিশ্বকাপত অংশ লৈছে ভাৰত, ইংলেণ্ড, আফগানিস্তান, পাকিস্তান, বাংলাদেশ, নিউজীলেণ্ড, দক্ষিণ আফ্ৰিকা, শ্ৰীলংকা, ৱেষ্ট ইণ্ডিজ আৰু অষ্ট্ৰেলিয়াই। আজি বিশ্বকাপৰ প্ৰথমখন খেলত মুখামুখি হ’ব ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকা।

লণ্ডনত শুভাৰম্ভণি হ’ল ক্ৰিকেট বিশ্বযুদ্ধৰ। সংগীতৰ মায়াজালৰ পৰা ক্ৰিকেট মেচলৈ এক মহা আয়োজনেৰে আৰম্ভণি কৰা হ’ল ২০১৯ৰ ক্ৰিকেট বিশ্বকাপৰ। শুভাৰম্ভণি অনুষ্ঠানত প্ৰথমে সকলো দলৰ অধিনায়কসকলক মঞ্চলৈ মতা হয়। ইয়াৰ পিছতে ইংলেণ্ডৰ গায়ক জন নিউমেনে গালে ‘ফিল দ্য লাভ’।

সকলো দলৰ অধিনায়কসকলে মহাৰাণী এলিজাবেথক সাক্ষাৎ কৰে আৰু তেওঁৰ সৈতে ফটোশ্বুটত অংশগ্ৰহণ কৰে। ইয়াৰ লগতে ২০১৫ত বিশ্বকাপ বিজয়ী অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক মাইকেল ক্লাৰ্কে আই চি চিক সমৰ্পণ কৰে বিশ্বকাপৰ ট্ৰফী। নবেল পুৰস্কাৰ বিজেতা মালালা ইউছুফজায়েও ক্ৰিকেট বিশ্বকাপত মহিলাৰ অংশগ্ৰহণ সন্দৰ্ভত বক্তব্য ৰাখে বিশ্ববাসীৰ আগত। পাকিস্তানৰ খেলুৱৈৰ পোছাকত দেখা গ’ল মালালাক।

উল্লেখযোগ্য যে ৫ জুনত বিশ্বকাপৰ প্ৰথমখন খেলত অৱতীৰ্ণ হ’ব ভাৰত। প্ৰথমখন খেলত দক্ষিণ আফ্ৰিকাৰ মুখামুখি হ’ব টীম ইণ্ডিয়া।
আৰু চাওক পৰৱৰ্তী বাতৰি