ভাৰতৰ পৰাজয়ত দুখী ছোৱেইব আখতাৰ, ক’লে – পাকিস্তানৰ দোৱাও কামত নাহিল

ৰাৱালপিণ্ডি এক্সপ্ৰেছখ্যাত পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ ছোৱেইব আখতাৰে ভাৰতৰ পৰাজয়ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

News18-Assam
Updated:July 1, 2019, 6:23 PM IST
ভাৰতৰ পৰাজয়ত দুখী ছোৱেইব আখতাৰ, ক’লে – পাকিস্তানৰ দোৱাও কামত নাহিল
ৰাৱালপিণ্ডি এক্সপ্ৰেছখ্যাত পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ ছোৱেইব আখতাৰে ভাৰতৰ পৰাজয়ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
News18-Assam
Updated: July 1, 2019, 6:23 PM IST
ইংলেণ্ডৰ বিৰুদ্ধে দেওবাৰে বাৰ্মিংহামত ৩১ ৰানত পৰাস্ত হয় টীম ইণ্ডিয়া। কিন্তু ভাৰততকৈ পাকিস্তানক বেছি আঘাত দিছে এই পৰাজয়ে। কাৰণ স্পষ্ট, ইংলেণ্ডে এই মেচখনত জিকি পাকিস্তানৰ ছেমি ফাইনেলত প্ৰৱেশৰ আশাত চেঁচাপানী ঢালিলে। ৰাৱালপিণ্ডি এক্সপ্ৰেছখ্যাত পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ ছোৱেইব আখতাৰে ভাৰতৰ পৰাজয়ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

নিজৰ ইউটিউব চেনেলত আখতাৰে এটা ভিডিঅ’ শ্বেয়াৰ কৰি কৈছে – পাকিস্তানৰ দোৱায়ো ভাৰতক কামত নিদিলে। ১৯৪৭ৰ পিছত সম্ভৱতঃ এনেকুৱা প্ৰথমবাৰৰ বাবে হৈছে যে পাকিস্তানে ভাৰতৰ জয়ৰ বাবে দোৱা কৰিছে। পাকিস্তানেই নহয়, বাংলাদেশ আৰু শ্ৰীলংকাৰ লোকেও ভাৰতৰ জয়ৰ বাবে দোৱা কৰিছিল। কিন্তু সম্পূৰ্ণ উপ–মহাদ্বীপৰ দোৱায়ো ভাৰতৰ পৰাজয় ৰোধ কৰিব নোৱাৰিলে। মোৰ সম্পূৰ্ণ বিশ্বাস যে ভাৰতে নিজৰ ফালৰ পৰা সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰিছে কিন্তু এই প্ৰদৰ্শনৰ পৰা পাকিস্তানৰ সহায় নহ’ল।

ছোৱাইব আখতাৰে ভিডিঅ’টোত কৈছে – ইংলেণ্ডে ভাৰতৰ দুৰ্বলতা বিশ্বৰ আগত প্ৰতিপন্ন কৰিলে। ভাৰতৰ বলাৰক ইংলেণ্ডৰ বেটছমেনে নিৰ্মমভাৱে প্ৰহাৰ কৰিলে আৰু ভাৰতৰ বেটিঙেও কোনো উৎসাহ দেখুৱাব নোৱাৰিলে। লক্ষ্য ৩০০ৰ ওচৰা–ওচৰি হ’লে ভাৰতৰ সুযোগ আছিল, কিন্তু ভাৰতে প্ৰায় ৩০ ৰান অধিক দিলে।

বিশ্বকাপত পাকিস্তানৰ যাত্ৰা এতিয়া বিপদত। ছেমি ফাইনেলত প্ৰৱেশৰ বাবে পাকিস্তানে বাংলাদেশৰ বিৰুদ্ধে গ্ৰুপৰ অন্তিম মেচত জয়ী হ’বই লাগিব। লগতে পাকিস্তানে এয়াও দোৱা কৰিব লাগিব যে ইংলেণ্ডে নিউজীলেণ্ডৰ বিৰুদ্ধে অন্তিম খেলত পৰাজিত হওক। যদি পাকিস্তান আৰু ইংলেণ্ডে বাকী থকা খেলত বিজয়ী হয়, তেতিয়া ইংলেণ্ডে ছেমি ফাইনেলত প্ৰৱেশ কৰিব। কিন্তু পাকিস্তানৰ ছেমিত প্ৰৱেশ কঠিন হ’ব।
আৰু চাওক পৰৱৰ্তী বাতৰি