মই শান্তিৰ ন’বেল পাব লাগে, ছুলেমানীক হত্যা কৰি আমেৰিকাক মইহে ন্যায় দিছোঃডনাল্ড ট্ৰাম্প

News18 Assam | News18-Assam
Updated:January 10, 2020, 4:32 PM IST
মই শান্তিৰ ন’বেল পাব লাগে, ছুলেমানীক হত্যা কৰি আমেৰিকাক মইহে ন্যায় দিছোঃডনাল্ড ট্ৰাম্প
নিজকে ন’বেল বঁটাৰ কাৰণে দাবীদাৰ আখ্যা দিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে।  কুদছ সেনাৰ মেজৰ জেনেৰেল কাছিম ছুলেমানীক হত্যা কৰিবলৈ ড্ৰ’ণ আক্ৰমণৰ নিৰ্দেশ দি মই আমেৰিকাৰ নাগৰিকৰ সৈতে ন্যায় কৰিছো। মই এই ন্যায়ৰ কাৰণে ন’বলে পাব লাগে। 

নিজকে ন’বেল বঁটাৰ কাৰণে দাবীদাৰ আখ্যা দিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে।  কুদছ সেনাৰ মেজৰ জেনেৰেল কাছিম ছুলেমানীক হত্যা কৰিবলৈ ড্ৰ’ণ আক্ৰমণৰ নিৰ্দেশ দি মই আমেৰিকাৰ নাগৰিকৰ সৈতে ন্যায় কৰিছো। মই এই ন্যায়ৰ কাৰণে ন’বলে পাব লাগে। 

  • Share this:
আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ২০২০ৰ নিৰ্বাচনী প্ৰচাৰ সভাত এই তৰ্ক কৰিছে যে কুদছ সেনাৰ মুৰব্বী মেজৰ জেনেৰল কাছিম ছুলেমানীক হত্যা কৰিবলৈ ড্ৰ’ণ আক্ৰমণৰ আদেশ দি তেওঁ আমেৰিকাৰ নাগৰিকৰ সৈতে ন্যায় কৰিছে। এই কাৰ্যৰ কাৰণে তেওঁ ন’বেল পুৰষ্কাৰ পাব লাগে।

ডেম’ক্ৰেটিক নেতাসকলে ডনাল্ড ট্ৰাম্পৰ এই সিদ্ধান্তক প্ৰশ্ন কৰাৰ লগতে কাকো নোসোধা–নেমেলাকৈ এই পদক্ষেপ লোৱাৰ কাৰণে তীব্ৰ ভৎৰ্সনা কৰিছে। বিৰোধীয়ে সদনত এক প্ৰস্তাৱত সন্মতি দিয়াৰ পিছত কয় যে, ৰাষ্ট্ৰপতি ট্ৰাম্পে ইৰাণৰ বিৰুদ্ধে সেনাৰ অভিযান আগবঢ়াই নিবলৈ প্ৰথমে কংগ্ৰেছৰ পৰামৰ্শ ল’ব লাগিছিল।

ট্ৰাম্পে কয় যে, তেওঁ কেতিয়াও ন’বেল পুৰষ্কাৰ পোৱা নাই। ২০১৯ৰ ন’বলে পুৰষ্কাৰ বিজেতা ইথিঅ’পিয়াৰ প্ৰধানমন্ত্ৰী আবি আহমেদৰ ফালে ইংগিত দি তেওঁ কয় যে তেওঁ নিজেও এই সন্মানৰ দাবীদাৰ। ট্ৰাম্পে কয়, মই এখন দেশ ৰক্ষা কৰিছো, মই শুনিছো দেশৰ প্ৰমুখজনে দেশ ৰক্ষা কৰিলে শান্তিৰ ন’বেল বঁটা লাভ কৰে।

উল্লেখযোগ্য যে, বিগত সপ্তাহত কাছিম ছুলেমানীৰ হত্যাৰ পিছৰে পৰা আমেৰিকা আৰু ইৰাণৰ মাজৰ সংঘাত যথেষ্ট বৃদ্ধি পাইছে। প্ৰত্যুত্তৰত ইৰাণে চুবুৰীয়া ইৰাকত আমেৰিকাৰ দুটাকৈ সেনাৰ ঘাটিত কেবাটাও মিছাইল প্ৰক্ষেপ কৰিছে। কেবাশ আমেৰিকাৰ সৈনিক থকা ঘাটিত ইৰাণে আক্ৰমণৰ পিছত ট্ৰাম্পে এজনো আমেৰিকান সৈনিকৰ একো হোৱা নাই বুলি দাবী কৰিছিল। ট্ৰাম্পে কয়, সদ্যহতে ইৰাণৰ বিৰুদ্ধে আগৰ সেনা সঞ্চালনক লৈ কোনো পৰিকল্পনা নাই, ইয়াৰ পৰিৱৰ্তে ইছলামিক গণৰাজ্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা বলৱৎ কৰা হ’ব।

ইৰাণত ‘ছাৰ্জিকেল ষ্ট্ৰাইক’ কৰি ট্ৰাম্পে নিৰ্বাচনী প্ৰচাৰৰ এক বিশেষ গতি দিবলৈ চেষ্টা কৰিছে। আমেৰিকাৰ উপ ৰাষ্ট্ৰপতি মাইক পেন্সে কয়, ৰাষ্ট্ৰপতিয়ে এক বিপজ্জনক সন্ত্ৰাসবাদীক হত্যা কৰিছে। সমগ্ৰ বিশ্বৰ কাৰণে বিপজ্জনক হৈ উঠা সন্ত্ৰাসবাদীটোক হত্যা কৰাটো ডাঙৰ পদক্ষেপ আখ্যা দিয়া হৈছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি