உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • আতংকিত স্বামীয়ে বাথৰুমত আবদ্ধ কৰি ৰাখিলে পত্নীক, আতংকৰ কাৰণ কি?

    আতংকিত স্বামীয়ে বাথৰুমত আবদ্ধ কৰি ৰাখিলে পত্নীক, আতংকৰ কাৰণ কি?

    Photo : sfgate.com

    Photo : sfgate.com

    লোকজনে কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবৰ বাবে চিকিৎসকৰ সৈতে ফোনত পৰামৰ্শ লোৱাৰ পিছত পত্নীক বাথৰুমত আবদ্ধ কৰি থৈছিল।

    • Share this:
    সমগ্ৰ বিশ্বলৈ বিয়পিছে মাৰাত্মক কোৰোণা ভাইৰাছ। মানুহৰ মাজত আতংক ইমানেই বৃদ্ধি পাইছে যে লিথুৱানিয়াত কোৰোণা ভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহত বাথৰুমত বন্ধ কৰি ৰাখিলে পত্নীক।

    আচলতে লোকজনে জানিব পাৰিছিল যে পত্নীয়ে ইটালীৰ পৰা ওভতা এগৰাকী চীনৰ মহিলাক সাক্ষাৎ কৰিছিল। তাৰ পিছতে কোৰোণা ভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহত পত্নীক বাথৰুমত আবদ্ধ কৰি ৰাখিলে স্বামীয়ে। মহিলাগৰাকীয়ে আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়।

    স্থানীয় আৰক্ষীৰ মতে, লোকজনে কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবৰ বাবে চিকিৎসকৰ সৈতে ফোনত পৰামৰ্শ লোৱাৰ পিছত পত্নীক বাথৰুমত আবদ্ধ কৰি থৈছিল। মহিলাগৰাকীয়ে কোনো গোচৰ ৰুজু নকৰা বাবে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাই লোকজনক।
    Published by:Sanjay Kumar Das
    First published: