বাৰে বাৰে বিয়া পতাৰ ফল! স্বামীৰ তৃতীয় বিবাহত প্ৰথম পত্নীৰ ৰুদ্রমূৰ্তি, প্ৰহাৰ কৰাৰ লগতে ফালিলে গাৰ কাপোৰ

News18 Assam | News18-Assam
Updated:February 13, 2020, 1:00 PM IST
বাৰে বাৰে বিয়া পতাৰ ফল! স্বামীৰ তৃতীয় বিবাহত প্ৰথম পত্নীৰ ৰুদ্রমূৰ্তি, প্ৰহাৰ কৰাৰ লগতে ফালিলে গাৰ কাপোৰ
Source-Google

তৃতীয় বাৰলৈ বিয়া পাতি অভ্যৰ্থনা অনুষ্ঠানলৈ প্ৰথমা পত্নীক নিমন্ত্ৰণ জনাই কৰিলে মৰসাহ!

  • Share this:
মানুহৰ মন হে, কাক ক’ত কেতিয়া ভাল লাগি যায় কোনে জানে! এজন বিবাহিত ব্যক্তিৰ লগত যেন বাৰে বেৰে মিলিছে এই কথা। কিন্তু সকলোবোৰ কামৰে এটা সীমা থাকে!

তৃতীয় বাৰলৈ বিয়া পাতিছে এজন ব্যক্তিয়ে। আনকি নিজৰ তৃতীয় বিবাহলৈ প্ৰথমা পত্নীত নিমন্ত্ৰণ জনাই মৰসাহো কৰিছে ব্যক্তিজনে। কোন পত্নীয়ে সহিব পাৰিব স্বামীয়ে অন্য যুৱতীৰ সৈতে আকৌ বিয়া কৰোৱা। গতিকে বিয়াঘৰত সকলোৰে মুখৰ আগত দৰাক প্ৰথমা পত্নীয়ে টানি চোচৰাই আনি প্ৰহাৰ কৰাৰ লগতে পিন্ধি থকা কাপোৰ ফালি পেলালে।

ব্যক্তিজনৰ নাম আছিফ ৰফিক। ২০১৪ চনত মাদিহা নামৰ এগৰাকী যুৱতীৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল ৰফিক। সংসাৰ কিছু দিন ভালদৰেই চলি আছিল। কিন্তু হঠাৎ আছিফ ৰফিকৰ মন গ’ল দ্বিতীয় বিবাহ কৰিবলৈ। বিশ্ববিদ্যালয়ত কৰ্মৰত এগৰাকী যুৱতীৰ সৈতে প্ৰথমা পত্নীক নজনোৱাকৈয়ে আকৌ বিয়া কৰাই আছিফ ৰফিকে। কিন্তু পিছত পত্নীয়ে আপত্তি কৰাত মাদিহাৰ ওচৰত ক্ষমা খুজি শপত খাই ভৱিষ্যতে এনে ভুল নকৰে বুলি কয় আছিফে।

দুজনীকে ঘৈণী থকাৰ পিছতো আকৌ এবাৰ বিয়া কৰোৱাৰ মন মেলিলে আছিফ ৰফিকে। আনকি তৃতীয় বিবাহলৈ প্ৰথমা পত্নী মাদিহাক আমন্ত্ৰণো জনালে। কিন্তু তাতে লাগিল অথন্তৰ। বিয়া ঘৰত মানুহৰ মাজতে খঙত অগ্নিশৰ্মা হৈ বিয়াৰ মণ্ডপৰ পৰা স্বামীক চোচৰাই আনি প্ৰহাৰ কৰাৰ লগতে গাৰ কাপোৰ খালি পেলায়। পিছত উপস্থিত লোকে কোনো মতে আছিফক প্ৰথমা পত্নীৰ হাতৰ পৰা ৰক্ষা কৰি আৰক্ষীক খবৰ দিয়ে। আৰক্ষী উপস্থিত হৈ আছিফ ৰফিকক থানালৈ লয় যায়।

ঘটনা সন্দৰ্ভত মাদিহাই কয় যে, তেওঁক নজনোৱাকৈ ৰফিকে জিন্নাহ বিশ্ববিদ্যালয়ত কৰ্মৰত এগৰাকী মহিলাৰ সৈতে দ্বিতীয় বাৰৰ কাৰণে বিবাহ পাশত আৱদ্ধ হৈছিল। পিছত মাদিহাৰ ওচৰত ক্ষমা খুজি শপত খাইছিল যে, ভৱিষ্যতে আৰু এনে ভুল আছিফে নকৰে।

ঘটনাৰ সন্দৰ্ভত আছিফে কয় যে তেওঁ ইতিমধ্যে প্ৰথমা পত্নীৰ সৈতে বিবাহ বিচ্ছেদ কৰিছে। গতিকে নতুনকৈ বিয়া কৰাবলৈ তেওঁ কাৰোবাৰ পৰা অনুমতি ল’ব লাগিব বুলি নাভাবে। ৰফিকে আনকি কয় যে, ‘এইটো মোৰ কথা, মই কেইজনী বিয়া কৰাও।’

ঘটনাটো সংঘটিত হৈছে পাকিস্তানৰ কৰাছীত।
আৰু চাওক
পৰৱৰ্তী বাতৰি