বিশ্বজুৰি বৰ্ধিত ৰোগে মানুহৰ বয়স হ্ৰাস কৰিছে। কিন্তু এটা শেহতীয়া গৱেষণাই প্ৰকাশ কৰিছে মানুহৰ দীৰ্ঘায়ুক লৈ এটি বিশেষ কথা। আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা গৱেষক দলে দাবী কৰে যে মানুহৰ বয়স পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে আৰু শতিকাৰ শেষৰ ফাললৈ মানুহে ১৩০ বছৰ জীয়াই থাকিব পাৰে। এই দাবীটো আমেৰিকাৰ বিখ্যাত ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ গৱেষকসকলে কৰিছিল। ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ গৱেষকসকলে মানুহৰ গড় বয়স বিচাৰি উলিয়াবলৈ দীৰ্ঘজীৱনৰ ওপৰত এক আন্তৰ্জাতিক ডাটাবেচ ব্যৱহাৰ কৰিছিল। ইয়াৰ বাবে তথ্য লৈছিল জাৰ্মানীৰ মেক্স প্লাংক ইনষ্টিটিউটৰ পৰা। গৱেষণাৰ ফলাফলে দেখুৱাইছে যে অনাগত দিনত মানুহ আয়ুস আৰু বৃদ্ধি হ'ব। শতিকাৰ শেষৰ ফালে মানুহে ১২৫ বছৰৰ পৰা ১৩০ বছৰ বয়সলৈকে জীয়াই থাকিব পাৰিব।
গৱেষকসকলৰ মতে, তেওঁলোকে গৱেষণাটোত ১০০ বছৰতকৈ অধিক বয়সৰ ছুপাৰচেণ্টেনেৰিয়ান (Supercentenarian) লোকসকলকো অৰ্থাৎ ১১০ বছৰ অতিক্ৰম কৰা লোককো অন্তৰ্ভুক্ত কৰিছিল। গৱেষণাৰ সময়ত কানাডা, জাপান, ইউ কে, আমেৰিকা যুক্তৰাজ্য আৰু ইউৰোপীয় দেশসমূহৰ ছুপাৰচেণ্টেনেৰিয়ানসকলক নিৰীক্ষণ কৰা হৈছিল।
১০ লাখ লোকে ১০০ বছৰ বয়স অতিক্ৰম কৰে
এই গৱেষণাৰ সৈতে জড়িত মাইকেল পিয়েৰ্ছে কয়, 'বিশ্বজুৰি প্ৰায় ১০ লাখ লোকে ১০০ বছৰ বয়স অতিক্ৰম কৰাটো পৰিলক্ষিত হৈছিল। ৬০০জন লোকে ১১০ বা ১২০ বছৰলৈ উপনীত হোৱা দেখিবলৈ পোৱা গৈছিল। দীৰ্ঘায়ু জীৱনৰ বাবে স্বাস্থ্যকৰ আহাৰ, পৰিষ্কাৰ পানী আৰু স্বাস্থ্যৰ যত্ন লোৱা উচিত।'
অতি দীৰ্ঘায়ু মহিলা ৰূপে কেন তানাকাৰ ৰেকৰ্ড
পৃথিৱীৰ আটাইতকৈ দীৰ্ঘায়ু মহিলাৰ স্বীকৃতি বৰ্তমান জাপানৰ কেন তানাকাৰ হাতত আছে। কেনৰ বয়স ১১৮ বছৰ। দীৰ্ঘজীৱনৰ বাবে গিনিজ বুক অৱ ৰেকৰ্ডছতো তেওঁৰ নাম লিপিবদ্ধ কৰা হৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।