লিভিং ৰুমত লুকাই আছে ১২ ফুট দীঘল অজগৰ, ফটোত বিচাৰি নাপাব আপুনি

বহু লোকে সাপডাল বিচাৰিবৰ বাবে চেষ্টা কৰিলে, কিন্তু সফল নহ’ল।

News18-Assam
Updated:July 26, 2019, 3:40 PM IST
লিভিং ৰুমত লুকাই আছে ১২ ফুট দীঘল অজগৰ, ফটোত বিচাৰি নাপাব আপুনি
বহু লোকে সাপডাল বিচাৰিবৰ বাবে চেষ্টা কৰিলে, কিন্তু সফল নহ’ল।
News18-Assam
Updated: July 26, 2019, 3:40 PM IST
অষ্ট্ৰেলিয়াৰ কুইছলেণ্ডৰ এটা পৰিয়ালত এটা অজগৰ সোমাল। অজগৰডাল প্ৰত্যক্ষ কৰি পৰিয়ালটোৱে স্থানীয় ‘ছানছাইন কোষ্ট স্নেক কেচাৰ্ছ’ৰ লোকক মাতি আনিলে। লোকজনে অজগৰডাল উদ্ধাৰ কৰাৰ লগতে নিজৰ ফেচবুক ফলোৱাৰসকলক এটা সৰু চেলেঞ্জ দিয়ে।

তেওঁ ফেচবুকত এখন ফটো আপলোড কৰি কেপচনত লিখিছে – ‘সাপডাল বিচাৰক! আমি কিছুদিন ধৰি এই খেল খেলা নাই, সেয়েহে চাওঁ আপুনি কেনে খেলে। যদি আপুনি সাপডালৰ প্ৰজাতি ক’ব পাৰে তেন্তে তাৰ বাবে অতিৰিক্ত পইণ্ট! মই আজি ৰাতি বা কাইলৈ পুৱালৈ উত্তৰ পোষ্ট কৰিম। এয়া বহুত কঠিন সেয়েহে আপোনাক এটা ক্লু দিওঁ – সাপে পুৱা আটাইতকৈ বেছি কি পছন্দ কৰে?’


বহু লোকে সাপডাল বিচাৰিবৰ বাবে চেষ্টা কৰিলে, কিন্তু সফল নহ’ল। ইয়াৰ পিছতে ছাইনছাইন কোষ্ট স্নেক কেচাৰ্ছে অজগৰডালৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰি এই কৌতুহলৰ অন্ত পেলায়।

তেওঁ লিখিছে – ‘এয়া কালিৰ ‘স্পট দ্য স্নেক’ পোষ্টৰ ভিডিঅ’।
আৰু চাওক পৰৱৰ্তী বাতৰি