• Home
  • »
  • News
  • »
  • world
  • »
  • কাবুল বিমানবন্দৰৰ সমীপত ৰকেট আক্ৰমণ, দুজনৰ মৃত্যু, আহত তিনিজন

কাবুল বিমানবন্দৰৰ সমীপত ৰকেট আক্ৰমণ, দুজনৰ মৃত্যু, আহত তিনিজন

এই আক্ৰমণৰ ভিডিঅ’ পোহৰলৈ আহিছে য’ত এটা ঘৰ পৰা ধোঁৱা ওলাই থকা দেখা গৈছে।

এই আক্ৰমণৰ ভিডিঅ’ পোহৰলৈ আহিছে য’ত এটা ঘৰ পৰা ধোঁৱা ওলাই থকা দেখা গৈছে।

এই আক্ৰমণৰ ভিডিঅ’ পোহৰলৈ আহিছে য’ত এটা ঘৰ পৰা ধোঁৱা ওলাই থকা দেখা গৈছে।

  • Share this:
আফগানিস্তানৰ ৰাজধানী কাবুলত বৃহস্পতিবাৰে দুটাকৈ বিস্ফোৰণৰ পিছত দেওবাৰে পুনৰ এক বিস্ফোৰণৰ খবৰ আহিছে। কোৱা হৈছে যে এই বিস্ফোৰণৰ শব্দ বহূ দূৰলৈ শুনা গৈছিল। আফগান সংবাদ মাধ্যমৰ ৰিপ’ৰ্ট অনুসৰি, এই বিস্ফোৰণ বুগ্ৰা অঞ্চলত সংঘটিত হৈছে। সূত্ৰ অনুসৰি, এই বিস্ফোৰণ আইএছআইএছে আমেৰিকান ষ্টাফলৈ লক্ষ্য কৰি সংঘটিত কৰিছে। বিস্ফোৰণ সংঘটিত কৰিবলৈ ঘৰৰ ওপৰৰ পৰা ৰকেট নিক্ষেপ কৰা হয়। ৰকেটেৰে সংঘটিত কৰা বিস্ফোৰণত দুজন লোক নিহত হোৱাৰ লগতে তিনিজন আহত হৈছে।

এই আক্ৰমণৰ ভিডিঅ’ পোহৰলৈ আহিছে য’ত এটা ঘৰ পৰা ধোঁৱা ওলাই থকা দেখা গৈছে। দেওবাৰে পুৱা আমেৰিকাৰ সেনা কমাণ্ডাৰে কৈছিল যে আগন্তুক ২৪ ঘণ্টাৰ পৰা ৩৬ ঘণ্টাৰ ভিতৰত কাবুল বিমানবন্দৰত আৰু এক সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হ’ব পাৰে।


আমেৰিকাৰ বিদেশ বিভাগে চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত সতৰ্ক কৰি দি কৈছিল যে আমেৰিকান নাগৰিকে বৰ্তমান সময়ত বিমানবন্দৰ আৰু তাৰ সকলো গেটলৈ যোৱাৰ পৰা বিৰত থাকিব লাগে। উল্লেখযোগ্য যে তিনিদিন পূৰ্বে প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিছিল কাবুল। দুটাকৈ বিস্ফোৰণ সংঘটিত হৈছিল উক্ত স্থানত। য’ত ১৩ আমেৰিকান সেনাসহ শতাধিক লোকৰ মৃত্যু হৈছিল।
Published by:Sanjay Kumar Das
First published: